অসমশীৰ্ষ

ৰণথলীলৈ পৰিণত বিবাহথলী:এজনৰ মৃত্যু,৬ অভিযুক্তক আটক

নিউজ ডেস্ক,প্ৰথম খবৰ:পুনৰ মৰেল পুলিচৰ আক্ৰমণত প্ৰাণ গ’ল এজন নিৰীহ লোকৰ। সমগ্ৰ দেশ জোকাৰি যোৱা কাৰ্বি আংলং কাণ্ডৰ যেন পুনৰাবৃত্তি। বৰক্ষেত্ৰীৰ ঘোৰাথালৰ বিবাহস্থলীত ছয় দৃৰ্বত্তৰ আক্ৰমণত নিহত হ’ল এজন নিৰীহ লোক। ইতিমধ্যে ছয় দুৰ্বৃত্তক আটক কৰিছে নলবাৰী আৰক্ষীয়ে। মাহ হালধীৰ গোন্ধ আৰু ন-কইনাৰ মিচিকীয়া হাঁহিৰে ৰমজমাই থকা নলবাৰী জিলাৰ বৰক্ষেত্ৰী বিধানসভা সমষ্টিৰ ঘোৰাথাল গাওঁৰ এখন বিৱাহস্থলী হঠাতে পৰিণত হয় ৰণস্থলীলৈ৷ একাংশ উদণ্ড যুৱকে মৰিয়াই মৰিয়াই হত্যা কৰিলে এজন বিবাহিত লোকক৷ ন-কইনা হোমৰ জুইৰ সাক্ষী হ’বলৈ গৈ থকাৰ প্ৰাকমূহুৰ্ততে বিবাহস্থলীত হঠাতে হাহাকাৰময় পৰিষ্ঠিতিৰ সৃষ্টি হয়৷ বিবাহস্থলীৰ সন্মুখত কেৱল ধৰ ধৰ মাৰ মাৰ চিঞৰ উদণ্ড যুৱক কেইজনমানৰ৷ সময় নিশা ১১ বাজিছিল৷ উল্লেখ্য,ঘোৰাথাল গাওঁৰ ধীৰেন তালুকদাৰৰ কন্যা জয়ামনি তালুকদাৰৰ বিবাহকাৰ্য্য চলি আছিল নিজ গৃহতে৷ নকইনা জয়ামনি তালুকদাৰৰ সৈতে হোমৰ জুইত বহিবলৈ আহি আছিল মুকালমুৱাৰ নাৰায়নপুৰ ৰিজাৰ্ভৰ দৰা মিন্টু কলিতা৷ এনেতে কইনা গৃহত লাগিল অথন্তৰ৷ দৰা মিণ্টু কলিতা কইনাৰ ঘৰ আহি নাপাওতেই কইনা ঘৰৰ কেইজনমান সুৰাসক্ত যুৱকে ফুটাইছিল ফটকা ৷ জানিব পৰা মতে, ফটকা ফুটাই থকা যুৱক কেইজনে যতীন দাস নামৰ লোকজনৰ নিচেই ওচৰতে ফটকা সমুহ দলিয়াই দিছিল। ফটকাসমূহ যতীন দাসৰ ওচৰত ফুটোৱাত খৰ্গগ্ৰস্ত হৈছিল লোকজন। পিছত যতীন দাসে ফটকা ফুটোৱা যুৱক কেইজনক ফটকা ফুটোৱাত বাধা প্ৰদান কৰিছিল ৷ তেনেদৰেই ফটকা ফুটুৱা যুৱককেইজনৰ সৈতে যতীন দাসৰ প্ৰথমতে তৰ্কবিতৰ্কৰ সৃষ্টি হৈছিল ৷ তাৰ পিছত সুৰাৰ ৰাগীত মাতাল যুৱক কেইজনৰ লগত কাজিয়াৰ সুত্ৰপাত হওঁতেই কাজিয়াৰ খবৰ পাই কইনা ঘৰৰ পৰা এটা ১০, ১২ জনীয়া দল জীতেন তালুকদাৰৰ নেতৃত্বত কাজিয়াস্থলী অৰ্থাৎ ৰাজহুৱা নামঘৰৰ চোতালাত ওলাই আহি যতীন দাসক আক্ৰমন কৰে ৷ ১০, ১২ জনীয়া দলটিয়ে যতীন দাসক উপৰ্যুপৰি প্ৰহাৰ কৰাত যতীন দাসৰ হৃদয় চুই যোৱা কান্দোনেও এজনো ব্যক্তিৰ হৃদয় গলাব নোৱাৰিলে অৰ্থাৎ যতীন দাসক কোনো এজন লোকে মৃত্যুৰ সন্মুখৰ পৰা বচাবলৈ নাহিল আৰু তাতেই যতীন দাসে কৰুণ মৃত্যুক সাৱতি লয় ৷ যতীন দাসৰ মৃত্যুৰ খবৰ বিয়পি পৰাৰ লগে লগে অঞ্চলটোৰ শ,শ ৰাইজ ওলাই বিৱাহস্থলী উত্তেজিত কৰি তোলে ৷ ইমানে নহয় উত্তেজিত ৰাইজে কইনাৰ ৰভাস্থলীলৈ আহি কইনাৰ ৰভাঘৰ লণ্ডভণ্ড কৰে ৷ পৰিস্থিতি ভয়াবহ হোৱাত স্থানীয় লোকে দৌলাশাল আৰক্ষীক খবৰ দিয়ে ৷ ঘটনাস্থলীত দৌলাশাল আৰক্ষী আৰু মুকালমুৱা আৰক্ষী উপস্থিত হয় যদিও পৰিস্থিতি অধিক উত্তপ্ত হোৱাত নলবাৰী জিলা আৰক্ষী অধীক্ষকৰ সৈতে চি.আৰ.পি.এফৰ এটা বৃহৎ দল উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰন কৰি ইতিমধ্যে ঘটনাৰ লগত জড়িত থকা ছয়জন ব্যক্তিক আটক কৰে ৷ ঘটনাৰ লগত জড়িত থকা ছয় অভিযুক্ত ক্ৰমে জীতেন তালুকদাৰ, বিদ্যুৎ বৰ্মন, হৰেকৃষ্ণ তালুকদাৰ, দীপাংকৰ তালুকদাৰ, অচ্যুত তালুকদাৰ আৰু বৰুণ তালুকদাৰক আৰক্ষীয়ে আটক কৰি জেৰা অব্যাহত ৰাখিছে ৷ ইপিনে, দুই সন্তানৰ পিতৃ যতীন দাসৰ মৃতদেহ ইতিমধ্যে মৰণোত্তৰ পৰীক্ষাৰ বাবে নলবাৰীলৈ প্ৰেৰণ কৰা হৈছে। আনহাতে, নিশাই কইনাগৃহৰ এনে ৰণক্ষেত্ৰৰ খবৰ আৰক্ষীয়ে লাভ কৰাত মুকালমুৱা আৰক্ষীয়ে দৰা মিন্টু দাসসহ তেওঁৰ শুভকাংশীসকলক নিৰাপত্তাৰ খাতিৰত কইনাগৃহলৈ যোৱাত বাধা প্ৰদান কৰি মুকালমুৱা আৰক্ষী থানাত ৰাখে ৷ ইফালে কইনাগৃহটো পৰিস্থিতি ভয়াৱহ হোৱাত মুকালমুৱা আৰক্ষীয়ে নিৰাপত্তাৰ বাবে কইনাক মুকালমুৱা থানালৈ লৈ আহে ৷ বৰ্তমানলৈকে মুকালমুৱাৰ ঘোৰাথালত পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হোৱা নাই নলবাৰী আৰক্ষী।

উক্ত ঘটনাত সকলো মৰ্মাহত।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close