শীৰ্ষৰাষ্ট্ৰীয়

অটল বিহাৰী বাজপেয়ীৰ মৃত্যুত শোকস্তব্ধ সমগ্ৰ দেশ

নেচনেল ডেস্ক, প্ৰথম খবৰ: দেশৰ ৰাজনীতিত আজি মহাপ্ৰয়াণ ঘটিল এজন মহান নায়কৰ৷ ১৯২৪ চনৰ ২৫ ডিচেম্বৰ তাৰিখে গোৱালিয়ৰত জন্ম গ্ৰহণ কৰা বিজেপিৰ পিতৃ স্বৰূপ তথা ভাৰতৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীয়ে আজি ৯৪ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰে৷ বৃক্কজনিত ৰোগত আক্ৰান্তহৈ ৯ সপ্তাহ ধৰি নতুন দিল্লীৰ এইমচত চিকিৎসাধীন হৈ থকাৰ পিছত আজি আবেলি ৫বাজি ৫ মিনিটত ইহলীলা সম্বৰণ কৰে প্ৰাক্তন প্ৰধান মন্ত্ৰীগৰাকীয়ে৷ কৃষ্ণ বিহাৰী বাজপেয়ী আৰু কৃষ্ণা দেৱীৰ ঔৰষত জন্মগ্ৰহণ কৰা মহীৰূহ নেতা বাজপেয়ীৰ মৃত্যুত এতিয়া শোকস্তব্ধ হৈ পৰিছে ৰাষ্ট্ৰ৷ গোৱালিয়ৰত বিদ্যালয়-মহাবিদ্যালয়ৰ শিক্ষা লৈছিল প্ৰয়াত নেতাগৰাকীয়ে৷ ৰাজনীতি বিজ্ঞানত প্ৰথম শ্ৰেণীৰ স্নাতকোত্তৰ নেতাগৰাকীয়ে ১৯৯৩চনত কানপুৰ বিশ্ববিদ্যালয়ৰ পৰা ডি লিট্‌ ডিগ্ৰী লাভ কৰিছিল৷ তিনিবাৰ কৈ ভাৰতৰ প্ৰধানমন্ত্ৰীৰ আসন অলংকৃত কৰা এইগৰাকী জননেতা কবি, সাহিত্যিক, গীতিকাৰ হিচাপেও খ্যাতি অৰ্জন কৰিবলৈ সক্ষম হৈছিল৷ সাংবাদিকতাৰে কৰ্মজীৱন আৰম্ভ কৰা এইগৰাকী মহীৰূহ নেতাই ৯বাৰ লোকসভালৈ আৰু দুবাৰ ৰাজ্যসভালৈ নিৰ্বাচিত হৈ অভিলেখ ৰচিবলৈও সক্ষম হৈছিল৷ ছাত্ৰ অৱস্থাৰ পৰা ৰাজনীতি জগতত ভূমুকি মৰা এইগৰাকী নেতাই ১৯৯৪ চনত ভাৰতৰ শ্ৰেষ্ঠ সাংসদ হিচাপে স্বীকৃতি লাভ কৰিছিল৷ ভাৰতৰত্নৰ দৰে সন্মান লাভ কৰিবলৈ সক্ষম হোৱা এইগৰাকী নেতাই ১৯৯২ চনত পদ্মবিভূষণ, ১৯৯৪ চনত লোকমান্য তিলক বঁটা আৰু ভাৰতৰ সৰ্বোচ্চ অসামৰিক সন্মানো লাভ কৰিবলৈ সক্ষম হৈছিল৷ ১৯৩৯ চনত আৰ এছ এছত যোগদান কৰা এইগৰাকী নেতাই ১৯৪২ চনত ভাৰত ত্যাগ আন্দোলনত যোগদান কৰিছিল আৰু ১৯৫১চনত ভাৰতীয় জন সংঘত যোগদান কৰিছিল৷

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close