অসমশীৰ্ষ

অপ্ৰাদেশীকৃত বি এড মহাবিদ্যালয়বোৰ প্ৰাদেশীকৰণ কৰা নহয়, শিক্ষামন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্য

চাংসাৰিৰ পৰা পঙ্কজ নাথ, প্ৰথম খবৰ: শুক্ৰবাৰে কামৰূপ জিলাৰ বাইহাটা চাৰিআলিস্থিত অগ্ৰণী শিক্ষানুষ্ঠান আগডলা চাৰিআলি হাইস্কুলৰ গুণাৰাম ডেকা সোঁৱৰণী মূল তোৰণ উদ্ধোধনী অনুষ্ঠানত উপস্থিত থাকি বৰ্তমানৰ অপ্ৰাদেশীকৃত বি এড মহাবিদ্যালয়বোৰ প্ৰাদেশীকৰণ কৰা নহয় বুলি মন্তব্য আগবঢ়ায় শিক্ষামন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্য্যই। ইয়াৰ উপৰি শুক্ৰবাৰে এই অনুষ্ঠানত উপস্থিত থাকি শিক্ষামন্ত্ৰী গৰাকীয়ে এই শিক্ষানুষ্ঠানখনত অভাৱ থকা প্ৰায় ১২গৰাকী শিক্ষকক এসপ্তাহৰ ভিতৰতে নিযুক্তি দিয়াৰ কথাও উল্লেখ কৰে। গুৱাহাটী উচ্চ ন্যায়ালয়ৰ প্ৰবীণ অধিবক্তা তথা তোৰণ নিৰ্মাতা মদন চন্দ্ৰ ডেকাৰ সভাপতিত্বত অনুষ্ঠিত উদ্বোধনী অনুষ্ঠানটো মহাপুৰুষৰ বৰগীতৰে শুভাৰম্ভ কৰি এই অনুষ্ঠানৰ আদৰণি ভাষণ ৰাখে বিদ্যালয়খনৰ প্ৰধান শিক্ষক হলাপ চন্দ্ৰ ডেকাই। ইয়াৰ পিছতে নিজৰ ভাষণত শিক্ষামন্ত্ৰী ভট্টাচাৰ্যই এই শিক্ষানুষ্ঠানখনৰ উন্নতি মূলক ফলাফলত সন্তুষ্টি প্ৰকাশ কৰে। এই বিদ্যালয়খনৰ সহ: প্ৰধান শিক্ষক কৃষ্ণকান্ত কলিতাই আত ধৰা এই অনুষ্ঠানটোত জিলা শিক্ষা বিষয়া মাধৱ চন্দ্ৰ ডেকা, অৱসৰপ্ৰাপ্ত খাদ্য বিষয়া থানেশ্বৰ বণিয়া, কৰৰা শিক্ষাখণ্ড বিষয়াকে ধৰি অঞ্চলটোৰ ভালেসংখ্যক গুণী-জ্ঞানী ব্যক্তি উপস্থিত থাকে। এই অনুষ্ঠানত শিক্ষা মন্ত্ৰী গৰাকীক বিদ্যালয়খনৰ শিক্ষক-কৰ্মচাৰী গোট, বাইহাটা চাৰিআলি সাহিত্য সভা, নগাঁও চাৰিআলি হাইমাদ্ৰাছা, বেজেৰা বিজেপি মণ্ডল সমিতিকে ধৰি অঞ্চল টোৰ কেইবাটাও অনুষ্ঠান-প্ৰতিষ্ঠান তথা ব্যক্তিয়ে বিপুল সম্বৰ্ধনা জনায়। উল্লেখ্য যে এই অনুষ্ঠানৰ কাৰ্য্যসূচী মতে পুৱা ১০.৩০ বজাত শিক্ষামন্ত্ৰী গৰাকী এই অনুষ্ঠানত উপস্থিত হোৱাৰ কথা আছিল যদিও ২.৩০ বজাত অৰ্থাৎ চাৰি ঘন্টা পলমকৈ উপস্থিত হোৱাত শিক্ষামন্ত্ৰীগৰাকীক অভিবাদন জনোৱাৰ উদ্দেশ্যে শিক্ষানুষ্ঠানখনৰ ছাত্ৰ-ছাত্ৰীসকল প্ৰখৰ ৰদত  থিয় হৈ থাকিব লগীয়া হোৱাত উক্ত অঞ্চলৰ ৰাইজৰ দ্বাৰা সমালোচিত হয় শিক্ষামন্ত্ৰীগৰাকী। আনহাতে একাংশ সচেতন লোকে মন্ত্ৰীগৰাকীৰ ভৱিষ্যতৰ সভা সমূহত ৰাইজৰ দুখ-দুৰ্গতিৰ কথা অনুধাৱনেৰে সময়মতে উপস্থিত থকাৰ বাবে মন্ত্ৰীগৰাকীক আহ্বান জনায়।

Related Articles

Leave a Reply

Close