অসমশীৰ্ষ

অাক্ৰাছুৰ অসম বন্ধত ওৰাঙত টায়াৰ জ্বলাই প্ৰতিবাদ সাব্যস্ত বন্ধ সমৰ্থকৰ

ওৰাঙৰ পৰা গোপাল নাথ, প্ৰথম খবৰ: ঐতিহাসিক পৃথক কমতাপুৰ ৰাজ্য পুনৰ গঠন অাৰু কোচ ৰাজবংশী সকলক অতি শীঘ্ৰে জনজাতিকৰণৰ দাবীত অাক্ৰাছু, মহিলাসমিতি অাৰু চিলাৰায় সেনাই বুধবাৰে পুৱা ৫ বজাৰ পৰা অাহ্বান জনোৱা ৩৬ ঘন্টীয়া অসম বন্ধৰ প্ৰভাৱ ওদালগুৰি জিলাৰ ওৰাঙত সৰ্বাত্মকৰূপত পৰা পৰিলক্ষিত হয়৷ বুধবাৰে পুৱাৰ ভাগত বন্ধ সমৰ্থকসকলে শোনিতপুৰ অাৰু ওদালগুৰি জিলাৰ সীমান্তৱৰ্তী ওৰাঙ পাঁচনৈ দলংৰ ওপৰত টায়াৰ জ্বলাই “ন এছটি ন ৰেষ্ট”, অামাক পৃথক কমতাপুৰ ৰাজ্য লাগিবই অাদি শ্লোগানেৰে সাব্যস্ত কৰে উত্তাল প্ৰতিবাদ৷ বন্ধৰ সময় ছোৱাত ওৰাঙত ব্যৱসায়ীক প্ৰতিষ্ঠানবিলাকৰ লগতে বৃত্তীয় প্ৰতিষ্ঠানসমূহ সম্পূৰ্ণৰূপে বন্ধ থাকে। আনহাতে এই বন্ধৰ ফলত ওৰাঙৰ মাজেৰে পাৰ হৈ যোৱা ১৫নং ৰাষ্ট্ৰীয় ঘাই পথত যান-বাহনৰ মাজত যান-যোটৰ সমস্যাই দেখা দিয়ে৷ অৱশ্যে পৰৱৰ্তী সময়ত অাৰক্ষীৰ নিৰাপত্তা বেষ্টনীৰ মাজেৰে চলাচল কৰিবলৈ লয় এই যান-বাহনসমূহ৷

Related Articles

Leave a Reply

Close