অসমবিনোদন

ঈদ-উল-আজহা

অনুপম চৌধুৰী

ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ আটাইটকৈ উত্তম দুটা উৎসৱৰ ভিতৰত ঈদ-উল-আজহা এটি। ঈদ-উল-আজহাৰ আন এটি নাম হৈছে কুৰবানী ঈদ। মূলত আৰবী ভাষাৰ শব্দ ঈদ-উল-আজহাৰ অৰ্থ হৈছে ত্যাগৰ উৎসৱ। ঈদ-উল-আজহাৰ প্ৰধান উদ্দেশ্য হৈছে ত্যাগ কৰা। উক্ত দিনটোত ইছলাম ধৰ্মাৱলম্বী লোকসকলে নিজৰ সাধ্যানুসাৰে উট, গৰু, ডুম্বা নাইবা ছাগলী আল্লাহৰ নিমিত্তে কুৰবানী কৰে। ঈদ-উল-আজহাৰ ইতিহাস বুলি কবলৈ গলে ইছলাম ধৰ্মৰ ধৰ্মীয় গ্ৰন্থৰ কিছুমান বৰ্ণনা অনুসৰি মহান আল্লাহু-তালাই নবী হজৰত ইব্ৰাহিম (আঃ)ক সপোনত তেখেতৰ আটাইতকৈ প্ৰিয় বস্তুটো কুৰবানী কৰাৰ নিৰ্দেশ দিয়ে। আল্লাহু-তালাৰ আদেশ অনুযায়ী হজৰত ইব্ৰাহিম (আঃ) তেওঁৰ আটাইতকৈ প্ৰিয় পুত্ৰ ইছমাইলক আল্লাহৰ হকে কুৰবানী দিবলৈ প্ৰস্তুত হয়। তেতিয়া আল্লাহৰ নিৰ্দেশতেই ইছমাইলৰ ঠাইত এটি পশু ‘ডুম্বা’ কুৰবানী কৰা হয়। ইয়াকেই স্মৰণ কৰি সমগ্ৰ বিশ্বৰ ইছলাম ধৰ্মাৱলম্বী লোকসকলে প্ৰতি বছৰে আল্লাহু-তালাক সন্তুষ্ট কৰিবৰ বাবে ঈদ-উল-আজহা উৎসৱ পালন কৰি আহিছে। ইছলামিক পঞ্জিকা অনুসৰি জিলহজ্জ্ব মাহৰ ১০ তাৰিখৰ পৰা ১২ তাৰিখলৈ অৰ্থাৎ ৩ দিন ঈদ-উল-আজহা উৎসৱ পালন কৰা হয় সমগ্ৰ বিশ্বত। ঈদ-উল-ফিতৰ আৰু ঈদ-উল-আজহাৰ মাজত ৩ মাহ ১০ দিন অৰ্থাৎ সৰ্বোচ্চ ৭০ দিনৰ ব্যৱধান থাকে।

ইছলাম ধৰ্মমতে যিজন ব্যক্তি জাকাত দিবলৈ সক্ষম তেওঁৰ ওপৰত ঈদ-উল-আজহাৰ কুৰবানী ৱাজীৱ। ঈদ-উল-আজহাৰ দিনৰ পৰা পৰবৰ্তী দুদিনলৈ কুৰবানী কৰিব পাৰে। ঈদ-উল-আজহাৰ নামাজ আদায় কৰাৰ পিছতহে কুৰবানী কৰা হয়। নামাজ আদায় কৰাৰ আগত কুৰবানী কৰা নহয়। যদি কোনো ব্যক্তি সক্ষম হয় তেনেহলে তেওঁ অকলে এটি পশু কুৰবানী কৰিব পাৰে অন্যথা ২,৩,৫ বা ৭ জন ব্যক্তি একেলগে মিলিত হৈ এটি পশু কুৰবানী কৰিব পাৰে। নিজৰ সাধ্যানুসাৰে প্ৰত্যেকেই নতুন পোছাক পৰিধান কৰি ঈদৰ মেহফিলত সমবেত হয়। ঈদৰ মেহফিলত ধনী-দুখীয়াৰ মাজত কোনো ভেদাভেদ দেখা পোৱা নাযায়। সকলো শ্ৰেণীৰ মানুহ একেলগে ঈদগাহত মিলিত হয়। ঈদ মানৱ সমাজত ধনী-দুখীয়াৰ মাজত ব্যৱধান আতৰাই দিয়াৰ এটি দিন। ঈদৰ দিনটোত ধনী-দুখীয়া সকলো সমান। মছজিদ নাইবা ঈদগাহত সকলোৱে একত্ৰিত হৈ সুশৃংখলভাবে কাতৰাবদ্ধ হৈ এই নামাজ আদায় কৰে। পুৰুষসকলৰ বাবে ঈদ-উল-আজহাৰ এই দুই ৰাকাত নামাজ ৱাজীৱ আনহাতে মহিলাসকলৰ বাবে চুন্নত। ঈদ-উল-আজহাৰ নামাজ আদায় হোৱাৰ পিছত সকলোৱে একেলগে মিঠাই জাতীয় খাদ্য সম্ভাৰেৰে নাস্তা কৰে আৰু কুৰবানীৰ বাবে প্ৰস্তুত হয়। তাৰ পিছত ঠাই বিশেষে কুৰবানীৰ নিয়ম অনুযায়ী বাকী কাম সম্পন্ন কৰে।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close