অসমখেলশীৰ্ষ

এছিয়ান গেমছত পদক অৰ্জন কৰা চতুৰ্থগৰাকী অসমীয়া

স্পোৰ্টচ ডেস্ক, প্ৰথম খবৰ: শনিবাৰে পূৰ্বৰ নিজৰ অভিলেখ ভংগ কৰি ৫১ ছেকেণ্ডত দ্বিতীয় স্থানেৰে এছিয়ান গেমছৰ ৪০০ মিটাৰ দৌৰৰ ফাইনেলত প্ৰৱেশ কৰা অসম সন্তান হীমাই পুনৰ অভিলেখ ভংগৰে ৫০.৭৯ ছেকেণ্ডত দেওবাৰে এছিয়ান গেমছৰ ৪০০ মিটাৰ দৌৰৰ ফাইনেলত জিনিলে ৰূপৰ পদক৷ উল্লেখ্য যে এছিয়ান গেমছত এই পদক লাভ কৰাৰ লগে লগে এছিয়ান গেমছত পদক অৰ্জন কৰা চতুৰ্থগৰাকী অসমীয়া হিচাপে স্বীকৃতি লাভ কৰিবলৈ সক্ষম হ’ল হিমা দাস৷

ইয়াৰ পূৰ্বে ১৯৬৬ চনত এছিয়ান গেমছৰ এথলেটিকছত স্বৰ্ণ পদক লাভ কৰা প্ৰথম অসমীয়া আছিল ভোগেশ্বৰ বৰুৱা,
১৯৮৬ চনত শ্বুটিংত ৰূপৰ পদক লাভ কৰা দ্বিতীয়গৰাকী অসমীয়া আছিল জয়দ্বীপ দাস, ২০০৬ চনত আৰ্চাৰীত ৰূপৰ পদক লাভ কৰা তৃতীয়গৰাকী অসমীয়া আছিল জয়ন্ত তালুকদাৰ আৰু এইবাৰ ২০১৮চনত এথলেটিকছত হিমা দাসে লাভ কৰিলে এই স্বীকৃতি৷

Related Articles

Leave a Reply

Close