অসমকোকৰাঝাৰযুৱস্বাস্থ্য

কথা লাগি ধৰা, ভয়, শংকা অথবা লাজকুৰীয়া স্বভাৱৰ পৰা কেনেকৈ পৰিত্ৰাণ লাভ কৰিব

স্বৰূপ ৰায়

কিছুসংখ্যক লোকৰ জন্মৰেপৰা কথা কোৱাৰ সময়ত কথাবোৰ লাগি ধৰা হয় আৰু ইহঁতে স্পষ্টভাৱে কথা ক’ব নোৱাৰে। এয়া কোনো ডাঙৰ সমস্যা নহয়। ইয়াৰ উপৰিও এই সমস্যাসমূহ বহুক্ষেত্ৰত লাজকুৰীয়া স্বভাৱ, হতাশা, বয়সীয়াল লোকৰ লগত কথা পতাৰ সময়ত হোৱা বিশ্বাসৰ অভাৱ, কোনো অনুষ্ঠানত বকৃতা দিয়াৰ সময়ত হোৱা অস্বাভাৱিক আচৰণ আদিৰ বাবেও সৃষ্টি হয়।

এনে সমস্যাৰপৰা পৰিত্ৰাণ পাবলৈ হ’লে আমি প্ৰথমতে নিজৰ উৎকৃষ্ট মাতেৰে জোৰ লগাই সম্পূৰ্ণ বিশ্বাসেৰে কাৰোবাৰ লগত কথা পতাৰ প্ৰয়াস কৰিব লাগে। কেতিয়াও আমি ভাবিব নালাগে যে মানুহে মোৰ বিষয়ে কোনো কথা ভাবিব নেকি! কোনোবাই মোৰ কথা শুনি হাহিব নেকি! মই সঁচাকৈয়ে ভালদৰে কথা ক’ব নোৱাৰো নেকি! মই বিশ্বাস হেৰুৱাইছো নেকি! মই যি আলোচনা কৰিম সেইবিষয়ে মোৰ ভালকৈ জ্ঞান নাই নেকি! এনেধৰণৰ অনুভৱৰ ফলতেই দৰাচলতে প্ৰায়ভাগ ক্ষেত্ৰত কথা কোৱা সমস্যাবোৰৰ উদ্ভৱ হয়। আনহাতে সাধাৰণ মানুহেও কেতিয়াবা কথা কোৱাৰ অভ্যাস নোহোৱাৰ ফলত হতাশা, চিন্তা, দৰিদ্ৰতা আৰু বিশ্বাসৰ অভাৱত এই সমস্যাত ভূগা দেখা যায়৷

এই সমস্যাত ভূগাৰ ফলত আৰু ইয়াৰ ওপৰত লাভ কৰা অভিজ্ঞতাৰ ওপৰত ভিত্তি কৰি উক্ত সমস্যাৰ বিভিন্ন অৱস্থা তথা পৰিস্থিতিৰ বিষয়ে মই ইয়াকে কও যে এনেধৰণৰ সমস্যা হ’লে ওপৰোক্ত কাৰণবোৰ সদায় পাহৰি যাব লাগে আৰু নিজকে শক্তিশালী তথা সম্পূৰ্ণ বিশ্বাসেৰে যিকোনো সময়তে সকলোৰে মুখামুখি হবলৈ যত্ন কৰিব লাগে। কোনো অনুষ্ঠানত বক্তৃতা দিয়াৰ সময়ত কেতিয়াও খৰধৰ কৰিব নালাগে আৰু নিজৰ কথা কোৱাৰ আগতে আনৰ কথা শুনাৰ লগতে খোলাখুলি তথা নিঃচিন্ত মনে কথা পাতিব লাগে৷ এনে কৰিলেহে এই সমস্যাসমূহৰ পৰা এশ শতাংশ নিৰাময়ৰ সম্ভাৱনা আশা কৰিব পাৰি৷

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close