
নিউজ ডেস্ক, প্ৰথম খবৰ: ৰাজ্য চৰকাৰৰ নিৱনুৱা সমস্যা সমাধানৰ সৈতে সংপৃক্ত বিভাগ অসম দক্ষতা বিকাশ অভিযানৰ সহযোগত আৰু বিজেপিৰ অসম প্ৰদেশৰ দক্ষতা বিকাশ কমিটিৰ উদ্যোগত আজি কামৰূপ মহানগৰ জিলাৰ গড়চুকত থকা বিভাগটোৰ কাৰ্যালয়ত এখন কৰ্মশালা অনুষ্ঠিত হয়। বিজেপিৰ দক্ষতা বিকাশ ৰাজ্যিক কমিটিৰ আহ্বায়ক সমৰ ডেকা আৰু সহ আহ্বায়ক দিগন্ত শৰ্মাই আতঁ ধৰা এই কৰ্মশালাত দক্ষতা বিকাশ অভিযান মিছনৰ ৰাজ্যিক সঞ্চালক আনন্দ প্ৰকাশ তিৱাৰী সহ ভালে কেইজন বিযয়া-কৰ্মচাৰী উপস্থিত থাকে। অনুষ্ঠানত ভাষণ ৰাখি দক্ষতা বিকাশ অভিযান মিছনৰ সঞ্চালক তিৱাৰীয়ে বিভিন্ন দিশত বক্তব্য ৰাখে। অনুষ্ঠানত ৰাজ্য খনৰ ৩৩খন জিলাৰ আহ্বায়ক আৰু সহ আহ্বায়কেও যোগদান কৰে। আনহাতে নলবাৰী জিলা বিজেপিৰ দক্ষতা বিকাশ কমিটিৰ আহ্বায়ক অভিজিৎ বৰ্মন আৰু সহ আহ্বায়ক অঞ্জন তালুকদাৰেও এই সভাত অংশগ্ৰহণ কৰে। উল্লেখ্য যে শাসকীয় বিজেপি দলে নিৱনুৱা সমস্যা সমাধানৰ ক্ষেত্ৰত লোৱা এনে পদক্ষেপ আঁদৰণীয় বুলি বিবেচিত হয়।