অসমশীৰ্ষ

কাৰ্বি পাহাৰত স্থাপন হব মূঠ ২৬খনকৈ ষ্টে’ডিয়াম, ১০ কোটিকৈ ব্যয় ধার্যৰে বিথুং-ৰেংথেমা আৰু ৰংখাঙত ষ্টে’ডিয়ামৰ আধাৰশিলা স্থাপন

প্ৰথম খবৰ, খেৰণি: কাৰ্বি পাহাৰত উন্নয়ন আৰু বিকাশৰ ক্ষেত্ৰত শিক্ষা, স্বাস্থ্য, যাতায়ত আৰু অন্যান্য খণ্ডৰ সমান্তৰালকৈ ক্ৰীড়া খণ্ডতো কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদ চৰকাৰে অধিক গুৰুত্ব আৰোপ কৰা পৰিলক্ষিত হৈছে। শনিবাৰে কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদ চৰকাৰৰ প্ৰচেষ্টাত অসম চৰকাৰৰ বিত্ত মন্ত্ৰীৰ বিশেষ পেকেজৰ আৱন্টিত ধনেৰে বৃহত্তৰ কাৰ্বি আংলঙত মূঠ ২৬খনকৈ ষ্টে’ডিয়াম স্থাপনৰ পৰিকল্পনা হাতত লোৱাৰ কথা ঘোষণা কৰে স্বায়ত্ত শাসিত পৰিষদ চৰকাৰখনে। ইয়াৰ অংশ হিচাপে শনিবাৰ পশ্চিম কাৰ্বি আংলং তথা ২০ নম্বৰ বৈঠালাংছ’ বিধানসভা সমষ্টিৰ অন্তৰ্গত কাৰ্বি পৰিষদীয় বিথুং-ৰেংথেমাৰ তৰাডুবি আৰু ৰংখাঙত মুকলি মঞ্চ, গেলেৰী আৰু প্ৰেক্ষাগৃহসহ ষ্টে’ডিয়াম নিৰ্মাণৰ আধাৰশিলা স্থাপন কৰাৰ লগতে পূব কাৰ্বি আংলঙৰ নমাটিৰ অকৰেঙত ষ্টে’ডিয়াম নিৰ্মাণৰ আধাৰশিলা স্থাপন কৰে পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে। উল্লেখযোগ্য যে প্ৰতিখন ষ্টে’ডিয়াম নিৰ্মাণৰ বাবদ ১০ কোটি টকাকৈ ব্যয় ধার্য্য কৰাৰ লগতে এইদৰে কাৰ্বি পৰিষদৰ অধীনত থকা মূঠ ২৬খন পৰিষদীয় সমষ্টিত একোখনকৈ ষ্টে’ডিয়াম নিৰ্মাণ কৰাৰ কথা উল্লেখ কৰে কাৰ্বি আংলং চৰকাৰে। কাৰ্বি আংলঙত এনেদৰে ষ্টে’ডিয়াম স্থাপন কৰি ক্ৰীড়া ক্ষেত্ৰত এক চমক সৃষ্টি কৰাৰ চেষ্টা অব্যাহত ৰাখিছে বিজেপি চৰকাৰে৷ আনুষ্ঠানিকতাৰে আয়োজন কৰা শনিবাৰৰ এই আধাৰশিলা স্থাপন অনুষ্ঠানত ইয়াৰ স্থানীয় বিধায়ক ডঃ মানছিং ৰংপি, পৰিষদৰ অধ্যক্ষ লংকি তিমুং, কাৰ্যবাহী সদস্যসকল, পৰিষদীয় সদস্যসকলৰ লগতে বিভাগীয় বিষয়ববীয়া আৰু স্থানীয় ৰাইজো উপস্থিত থাকে। লক্ষ্যণীয় যে এই দিনজোৰা কাৰ্যসূচীৰ মাজতে তুলিৰাম ৰংহাঙে বৰথলত শিপিনী কাৰিকৰী গৃহ নিৰ্মাণৰ আধাৰশিলা স্থাপন কৰাৰ লগতে আনুষ্ঠানিকভাৱে বৈঠালাংছ’ক নগৰ হিচাপে ঘোষণা কৰি বৈঠালাংছ’ত নগৰ সমিতিৰ কাৰ্য্যালয়ৰো শুভ উদ্বোধন কৰে৷

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close