অসমশীৰ্ষ

খাটোৱালৰ ১৭ জনীয়া অন্ধ পৰিয়ালৰ ঘৰত সমাজকল্যাণ মন্ত্ৰী প্ৰমীলাৰাণী ব্ৰহ্ম

প্ৰথম খবৰ, ৰূপহীহাট: নগাঁও জিলাৰ উত্তৰ খাটোৱালত অৱস্থিত এটি দৰিদ্ৰ পৰিয়ালৰ ঘৰত মঙ্গলবাৰে হঠাৎ উপস্থিত হয় অসমৰ সমাজ কল্যাণ বিভাগৰ মন্ত্ৰী প্ৰমীলাৰাণী ব্ৰহ্ম। জিলাখনৰ ৰূপহীহাট সমষ্টিৰ উত্তৰ খাটোৱাল গাঁৱৰ এটি ১৭ জনীয়া অন্ধ পৰিয়ালৰ ঘৰত মঙ্গলবাৰে মন্ত্ৰীগৰাকীয়ে সুশৰীৰে উপস্থিত হৈ পৰিয়ালটিৰ দুখ-দুৰ্দশাৰ বুজ লয়। উল্লেখ্য যে ৰূপহীহাট সমষ্টিৰ বিধায়ক নুৰুল হুদাইও কিছুদিন পূৰ্বে এই অন্ধ পৰিয়ালটিৰ ঘৰত উপস্থিত হৈ পৰিয়ালটিৰ খবৰ লোৱাৰ লগতে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক লিখিতভাৱে পৰিয়ালটোক সহায়ৰ বাবে দাবী জনাইছিল। ইফালে জন্মৰ পৰাই পৰিয়ালটিৰ ১৭ জনকৈ লোক অন্ধত্বৰ কবলত জীৱন অতিবাহিত কৰি অহাৰ কথা শুনি আৱেগিক হৈ পৰে মন্ত্ৰী প্ৰমীলা ৰাণী ব্ৰহ্ম আৰু পৰিয়ালটিৰ ঘৰত উপস্থিত হৈ এটি কেচুৱাক নিজৰ কোলাত লৈ সহানুভূতি প্ৰদৰ্শন কৰাৰ লগতে পৰিয়ালটিৰ এনে পৰিস্থিতিত দুখ প্ৰকাশ কৰে মন্ত্ৰীগৰাকীয়ে। মঙ্গলবাৰে মন্ত্ৰীগৰাকীয়ে এই পৰিয়ালটিৰ কাষত উপস্থিত হৈ পৰিয়ালটিক নগদ ২০ হাজাৰ টকা আৰ্থিক অনুদান আগবঢ়োৱাৰ লগতে পৰিয়ালটিক জনপ্ৰতি প্ৰতি মাহে এক হাজাৰকৈ টকা সাহাৰ্য্য দিয়াৰ কথাও ঘোষণা কৰে। মানৱদৰদী সমাজকল্যাণ মন্ত্ৰীগৰাকীৰ এই সহায় আৰু সহমৰ্মিতাই এতিয়া অন্ধত্বৰ জীৱন অতিবাহিত কৰা এই পৰিয়ালটিৰ ১৭ জনকৈ লোকৰ মুখত সন্তুষ্টিৰ হাঁহি বিৰিঙাই তুলিবলৈ সক্ষম হৈছে।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close