
নিউজ ডেস্ক,প্ৰথম খবৰ: আজি লামডিং ষ্টেচনৰ সমীপত ডিমাপুৰ-কামাখ্যা বিজি এক্সপ্ৰেছত ভাতৃৰ সন্মুখতে এগৰাকী যুৱতীক বলাৎকাৰৰ অপচেষ্টা চলায় এজন নৰাধমে। কাৰাইবা উইলছন নামৰ যুৱকজনে যুৱতীগৰাকীক বলাৎকাৰৰ অপচেষ্টা চলাওতেই যুৱকজনক আটক কৰে ৰে’ল আৰক্ষীয়ে। সম্প্ৰতি গুৱাহাটী ৰে’ল আৰক্ষীৰ জিম্মাত আছে ধৃত যুৱকজন।