অসমশীৰ্ষ

জটিল ৰোগত অাক্ৰান্ত এগৰাকী দৰিদ্ৰ মহিলাৰ কৰুণ বিননি

প্ৰথম খবৰ, জাজৰি: নগাঁও জিলাৰ বটদ্ৰৱা বিধানসভা সমষ্টিৰ জামুগুৰিৰ এটি দৰিদ্ৰ কৃষক পৰিয়াল। পৰিয়ালটোৰ মূৰব্বী ৰানা কাকতিয়ে অতি কষ্টেৰে খেতি-বাতি কৰি তিনিজনীয়া সংসাৰখন জোৰা-ঢাপলি মাৰি চলাই আহিছিল। পত্নী মৌচুমী অাৰু একমাত্ৰ কনমানি সন্তান পৰান জ্যোতিৰ মুখত হাঁহি বিলাবলৈ সদায়ে চেষ্টা চলাই অাহিছিল ৰানা কাকতিয়ে। ইফালে স্বামীৰ পৰা একো নাপালেও দুখৰ মাজতো সুখ অনুভৱ কৰিছিল পত্নী মৌচুমীয়ে। তেওঁলোকৰ আশা তেওঁলোকৰ একমাত্ৰ সন্তান পৰানে ভালদৰে পঢ়া শুনা কৰি তেওঁলোকৰ চকুৰপানী মচি এদিন ঘৰখনলৈ অানন্দ অানিব। কিন্তু দুখীয়াৰ যেন দুখ অাঁতৰ নহয় এই সংসাৰত। অাজি এবছৰমানৰ পৰা মৌচুমীয়ে দেহত পুহি ৰাখিছে মাৰাত্মক কৰ্কট ৰোগৰ বিজানু। স্বামী ৰানা কাকতিয়ে ঘৰখনৰ ইটো সিটো বিক্ৰী কৰাৰ লগতে ধাৰ ঋণ কৰি পত্নীৰ চিকিৎসা কৰি অাহিছে যদিও বৰ্তমান সৰ্বস্ৰান্ত হৈ পৰিছে মৌচুমীৰ স্বামী ৰানা। ইফালে চিকিৎসকে আগবঢ়োৱা পৰামৰ্শ মতে অতি শীঘ্ৰে অস্ত্ৰোপচাৰ কৰিব লাগিব পত্নীৰ। কিন্তু হাতত ফুটাকৰি এটাও নথকা ৰানাৰ এতিয়া হাহাকাৰ অৱস্থা। অঞ্চলটোৰ লোকসকলে সহায়ৰ হাত অাগবঢ়াইছে যদিও ই পৰ্যাপ্ত নহয়। সমষ্টিটোৰ বিধায়িকা অাঙুৰলতা ডেকাক সমগ্ৰ বিষয়টো অবগত কৰা হৈছিল যদিও মাত্ৰ দুহেজাৰ টকা দিয়েই দায়িত্ব সামৰিলে অসমৰ নাৰী সমাজৰ হৈ সততে মাত মাতি অহা বিধায়িকা গৰাকীয়ে। এতিয়া ৰানাৰ পত্নী মৌচুমী আৰু তেওঁলোকৰ একমাত্ৰ সন্তান পৰানৰ ভৱিষ্যতৰ জীৱনৰ প্ৰতি ভূক্তভোগী দুৰ্ভগীয়া পৰিয়ালটিৰ অসমৰ ৰাইজ, দল সংগঠন তথা চৰকাৰলৈ এটাই কাঁতৰ অাহ্বান কোনো হৃদয়ৱান ব্যক্তি তথা চৰকাৰে তেওঁলোকক যাতে সহায়ৰ হাত আগবঢ়ায়। দুৰ্ভগীয়া পৰিয়ালটিক সহায়ৰ হাত আগবঢ়াবৰ বাবে পৰিয়ালটিয়ে যোগাযোগৰ বাবে আগবঢ়োৱা নম্বৰ সমূহ হ’ল-(১) মোবাইল নং- ৮৭২৪৮০৬৬৯১, (২) একাউণ্ট নম্বৰ-৩৭৭৪২৩৬৯৮৭৭, চি আই এফ নং- ৯০১২৩৪৭২৫৭৭।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close