অসমশীৰ্ষ

ঢকুৱাখনাত ঢকুৱাখনা মহকুমা প্ৰশাসনৰ ৭২ সংখ্যক স্বাধীনতা দিৱস উদযাপন

প্ৰথম খবৰ, ঢকুৱাখনা: সমগ্ৰ দেশে উদযাপন কৰা ৭২ সংখ্যক স্বাধীনতা দিৱসৰ সমান্তৰালকৈ ঢকুৱাখনা মহকুমা প্ৰশাসনেও আজি ৰাজহুৱাভাৱে অনুষ্ঠিত কৰে স্বাধীনতা দিৱসৰ কাৰ্যসূচী৷ এই কাৰ্যসূচীত স্বাধীনতা দিৱসৰ পতাকা উত্তোলন আৰু শ্বহীদ মুক্তি যুঁজাৰু সকলৰ স্মৃতিত শ্বহীদ তৰ্পণ কৰি পুষ্পাঞ্জলী অৰ্পণ কৰে কৰে ঢকুৱাখনা মহকুমাধিপতি অৰিন্দম বৰুৱাই। এই অনুষ্ঠানত আৰক্ষী আৰু বিভিন্ন শিক্ষানুষ্ঠানৰ মূঠ ১৮ টা মাৰ্চপাচ দলে অংশগ্ৰহণ কৰে। ইপিনে ঢকুৱাখনা শিক্ষক প্ৰশিক্ষণ মহাবিদ্যালয়, ঢকুৱাখনা প্ৰেছ গীল্ডকে ধৰি বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানৰ কাৰ্যালয়তো স্বাধীনতা দিৱসৰ পতাকা উত্তোলন কৰা হয়।

Related Articles

Leave a Reply

Close