অসমশীৰ্ষ

ঢকুৱাখনাত প্ৰগতি গ্ৰাম্য সংগঠনৰ প্ৰচেষ্ঠাত ৩০০ ছাত্ৰ-ছাত্ৰীক সৌৰ চাকি বিতৰণ 

প্ৰথম খবৰ,ঢকুৱাখনা: ভাৰত চৰকাৰৰ নব্য আৰু নবীকৰণ মন্ত্ৰণালয় আৰু অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযান মিছনৰ উদ্যোগত আৰু হাৰ্হি প্ৰগতি গ্ৰাম্য সংগঠনৰ প্ৰচেষ্ঠাত বৃহস্পতিবাৰে ঢকুৱাখনাৰ অল আসাম মিৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ৩০০ ছাত্ৰ ছাত্ৰীক অতি কম মূল্যত বিতৰণ কৰা হয় সৌৰ চাকি। এ এছ আৰ এল এম’ৰ ঢকুৱাখনা উন্নয়ন খণ্ডৰ খণ্ড সমন্বয়ক দিপাংকৰ পেগু, হাৰ্হি গ্ৰাম্য সংগঠনৰ অধীনৰ ১৭ টা আত্মসহায়ক গোটৰ মহিলাৰ উপস্থিতিত এই সৌৰ চাকি বিতৰণ কাৰ্যসূচীৰ শুভাৰম্ভ কৰি বিদ্যালয়খনৰ অধ্যক্ষ ৰাজেন্দ্ৰ প্ৰসাদ গগৈয়ে সকলোবোৰ গাঁৱতে বিদ্যুত সংযোগৰ ব্যৱস্থা নথকাৰ কথা উল্লেখ কৰি ঢকুৱাখনাৰ মাতমৰাৰ দৰে পিছপৰা অঞ্চলৰ ছাত্ৰ ছাত্ৰীৰ বাবে এই সৌৰ চাকি অতিশয় প্ৰয়োজনীয় বুলি উল্লেখ কৰে। হাৰ্হি প্ৰগতি গ্ৰাম্য সংগঠনে এনে এটা অঞ্চলৰ শিক্ষাৰ্থীক অতি নগণ্য মূল্যত সৌৰ চাকি যোগান ধৰি যথেষ্ট উপকাৰ সোধাৰ কথাও উল্লেখ কৰে অধ্যক্ষগৰাকীয়ে। উল্লেখযোগ্য যে বৃহস্পতিবাৰে বিতৰণ কৰা এই সৌৰ চাকি সমূহ আই আই টি বম্বেৰ প্ৰত্যক্ষ তত্বাৱধানত আৰু অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযান মিছনৰ সহযোগত স্থানীয় আত্মসহায়ক গোটৰ মহিলা সকলৰ জৰিয়তে ঢকুৱাখনাৰ হাৰ্হি প্ৰগতি গ্ৰাম্য সংগঠনে নিৰ্মাণ কৰি উলিয়াইছিল। অল আসাম মিৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ৩০০ শিক্ষাৰ্থীক অতি কম মূল্যত সৌৰ চাকি বিতৰণ কৰাত ইয়াৰ ছাত্ৰ-ছাত্ৰী সকল যথেষ্ট উৎফুল্লিত হৈ পৰে।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close