অসমশীৰ্ষ

তেজপুৰত আজৱ কাণ্ড,পত্নীক যৌতুক বিচাৰি নিৰ্যাতন চলোৱা স্বামীক গ্ৰেপ্তাৰ কৰিবলৈ গৈ উদ্ধাৰ হ’ল গাঞ্জা আৰু সুৰা

তেজপুৰৰ পৰা অপুৰ্ব বৰা, প্ৰথম খবৰ: তেজপুৰত সংঘটিত হৈছে এক আজৱ কাণ্ড৷ কেচু খান্দোতে সাপ ওলোৱাৰ দৰে অনুৰূপ ঘটনা সংঘটিত হৈছে তেজপুৰত। তেজপুৰৰ এটা পৰিয়ালত স্বামীৰ বিৰুদ্ধে যৌতুক বিচাৰি আতিশয্য চলোৱাৰ অভিযোগ উত্থাপন কৰিছিল এগৰাকী পত্নীয়ে। কিন্তু স্বামীক গ্ৰেপ্তাৰ কৰিবলৈ গৈ স্বামী গৃহৰ পৰা আৰক্ষীয়ে জব্দ কৰিলে বৃহৎ পৰিমাণৰ সুৰা আৰু গাঞ্জা৷

উল্লেখ্য যে তেজপুৰৰ অকা বস্তি বঙালী গাঁৱৰ ছাইফুল ইছলাম নামৰ লোকজন চাৰি বছৰ পূৰ্বেই ৰমিজা খাতুন নামৰ মহিলাগৰাকীৰ সৈতে বিবাহপাশত আৱদ্ধ হয়। কিন্তু বিয়াৰ পিছৰে পৰাই যৌতুকৰ বাবে পত্নীক প্ৰায়ে আতিশয্য চলাই আহিছে স্বামীয়ে। পত্নগৰাকীৰ অভিযোগ অনুসৰি শুক্ৰবাৰে পিতৃগৃহৰ পৰা এখন মটৰ চাইকেল দাবী কৰি পত্নী ৰমিজাক মাৰধৰ কৰাৰ লগতে বাঁহেৰে প্ৰহাৰ কৰি মূৰ ফালি দিয়ে স্বামীয়ে। এই ঘটনাৰ পিছত পত্নীৰ এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে স্বামী ছাইফুলক বিচাৰি অভিযান চলায় যদিও চাৰি বছৰীয়া সন্তানটি লগত লৈ পলায়ন কৰে ছাইফুলে৷ ইপিনে ছাইফুলৰ পিতৃ আফাজুদ্দিন ফকিৰৰ শিঙিতলিত থকা বাসগৃহত আৰক্ষীয়ে অভিযান চলোৱাত ৪ কিলোগ্ৰাম গাঞ্জা আৰু বহুকেইটা সুৰাৰ বটল উদ্ধাৰ কৰে। এই ঘটনাৰ পিছত আফাজ উদ্দিনে দীৰ্ঘদিনৰ পৰা চোৰাংভাৱে অঞ্চলটোত সুৰা আৰু গাঞ্জাৰ ব্যৱসায় চলাই অহাৰ কথা স্বীকাৰ কৰে যদিও আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ছাইফুলৰ পিতৃ আফাজুদ্দিনক৷

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close