অসমশীৰ্ষ

দিখৌৰ এৰা সুতিত মাছ মাৰিবলৈ গৈ এজনৰ মৃত্যু 

শিমলুগুৰিৰ পৰা নেকিবুল হক, প্ৰথম খবৰ: পুনৰ এক হৃদয় বিদাৰক ঘটনাই জোকাৰি গল শিমলুগুৰিৰ বালি গাঁও৷ শিৱসাগৰ জিলাৰ শিমলুগুৰিৰ বালি গাঁৱত শনিবাৰে পুৱা প্ৰায় ১০ মান বজাত দিখৌ নৈৰ এৰা সুতিত মাছ মাৰিবলৈ গৈ সলিল সমাধি ঘটে এজন লোকৰ। উল্লেখ্য যে এখন ভুঁৰত উঠি দিখৌৰ এৰাসুঁতিত জাল পাতি থাকোতেই পিচলি পৰি সন্ধানহীন হয় জেমছ আও নামৰ লোকজন আৰু পিছত ঘটনাস্থলীত এন ডি আৰ এফ বাহিনীৰ দল উপস্থিত হৈ আৰম্ভ কৰা অভিযানত উদ্ধাৰ হয় এই লোকজনৰ মৃতদেহ। এই মৃত লোকজনৰ প্ৰকৃত ঘৰ নগালেণ্ডৰ ডিমাপুৰত আছিল যদিও কৰ্মসূত্ৰে বহুদিনৰ পৰাই লোকজনে শিমলুগুৰিৰ বালি গাঁৱতে বাস কৰি আহিছিল।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close