অসমশীৰ্ষ

দুধনৈত আকাশৰ পৰা সৰি পৰিল যন্ত্ৰ সদৃশ সামগ্ৰী, চৌদিশে আতংক

দুধনৈৰ পৰা ভবেশ চন্দ্ৰ ভাগৱতী, প্ৰথম খবৰ: অসম মেঘালয় সীমান্তৰ দুধনৈৰ নিকটৱৰ্তী হাবাংগিৰী গাওঁত যোৱা নিশা এঘৰ মানুহৰ চোতালত আকাশৰ পৰা যন্ত্ৰ সদৃশ এটা সামগ্ৰী সৰি পৰা ঘটনাই তীব্ৰ চাঞ্চল্য সৃষ্টি কৰাৰ লগতে আতংকই বিৰাজ কৰে উক্ত অঞ্চলটোত। জানিব পৰা মতে যোৱা নিশা হাবাংগিৰি গাওঁৰ জ্ঞানেন্দ্ৰ ৰাভা নামৰ লোকজনৰ ঘৰৰ চোতালত হঠাৎ যন্ত্ৰ সদৃশ সামগ্ৰীবিধ আকাশৰ পৰা সৰি পৰাত হুৱাদুৱাৰ সৃষ্টি হয়। পিছত খবৰটো গাওঁখনত বিয়পি পৰাৰ লগে লগে সামগ্ৰী বিধ চাবলৈ শ শ লোকে ৰাভাৰ ঘৰত ভিৰ কৰে। অৱশেষত স্থানীয় লোকে দামৰা থানাত বিষয়টো অবগত কৰাত আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ প্ৰাথমিক তদন্ত আৰম্ভ কৰে যদিও সামগ্ৰীবিধ কি বস্তু তাক নিশ্চিত কৰিব নোৱাৰি বতৰ পৰীক্ষা কৰা সামগ্ৰী বুলি সন্দেহ প্ৰকাশ কৰে। আৰক্ষীয়ে ঘটনাস্থলীৰ পৰা এটুকুৰা ৰচী, ৰবৰ জাতীয় কিছু সামগ্ৰী আৰু বেটাৰী উদ্ধাৰ কৰে। আৰক্ষীয়ে উদ্ধাৰ কৰা এই সামগ্ৰীখিনি পৰীক্ষা আৰু অধিক তদন্তৰ পিচতহে প্ৰকৃত সত্যতা জানিব পৰা যাব বুলি আৰক্ষীয়ে ৰাইজক জানিবলৈ দিয়ে।

Related Articles

Leave a Reply

Close