অসমশীৰ্ষ

দুধনৈত বিধায়ক দীপক কুমাৰ ৰাভাৰ উপ কোষাগাৰ উদ্ধোধন 

দুধনৈৰ পৰা ভবেশ চন্দ্ৰ ভাগৱতী, প্ৰথম খবৰ: পৰিবৰ্তনকামী বিজেপি নেতৃতাধীন মিত্ৰজোটৰ চৰকাৰখন গঠন হোৱাৰ পিছত প্ৰথমখন বাজেট অধিৱেশনতে গোৱালপাৰা জিলাৰ দুধনৈত উপকোষাগাৰ স্থাপন কৰা হব বুলি ঘোষণা কৰা কথাষাৰৰ মান ৰাখি অৱশেষত আজি দিনৰ ১১বজাত দুধনৈৰ মাজমজিয়াত দুধনৈৰ ৰাইজৰ বহু প্ৰতীক্ষিত উপকোষাগাৰটো আনুষ্ঠানিক ভাবে মুকলি কৰিলে ৩৬ নং দুধনৈ বিধানসভা (জনজাতি)সমষ্টিৰ বিধায়ক দীপক কুমাৰ ৰাভাই। অসম চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয়ৰ অবসৰপ্ৰাপ্তৰ উপ সঞ্চালক মুকুল ৰাভাই আঁত ধৰা এই অনুষ্ঠানত মাংগলিক কাৰ্যসূচীৰ মাজেৰে উপকোষাগাৰটো উদ্ধোধন কৰি বিধায়ক ৰাভাই ভাষণ প্ৰসঙ্গত দ্ৰুত উন্নয়নৰ পিনে ধাবমান হোৱা গোৱালপাৰা জিলাৰ ৰাভা হাছং স্বায়ত্ব শাসিত পৰিষদৰ মুখ্যকেন্দ্ৰ দুধনৈত দুধনৈ মহাবিদ্যালয়, নবোদয় স্কুল, ডিয়েটকে আদি কৰি কেইবাখনো শিক্ষা প্ৰতিষ্ঠান, কেন্দ্ৰীয় প্ৰতিষ্ঠান আৰু চৰকাৰী কাৰ্যালয় আদি থকাৰ কথা উল্লেখ কৰি দুধনৈত ভাৰতীয় ষ্টেট বেংকৰ শাখা আছে যদিও কোষাগাৰৰ অভাৱত দুধনৈৰ লগতে দুধনৈৰ প্ৰান্তীয় অঞ্চৰ বহু ৰাইজ দৰমহাকে আদি কৰি অন্যান্য লেনদেনৰ বাবে গোৱালপাৰালৈ ঢাপলি মেলিব লগা হৈছিল বুলি উল্লেখ কৰে আৰু আজি এই কোষাগাৰটো মুকলি হোৱাৰ পিছতে এতিয়া এই বৃহৎ অঞ্চলৰ ৰাইজৰ বহুদিনীয়া অভাৱ দূৰ হোৱা বুলি উল্লেখ কৰে। আনহাতে আজিৰ এই কোষাগাৰৰ উদ্ধোধনী অনুষ্ঠানত ৰাভাহাছং পৰিষদৰ মুখ্য কাৰ্যবাহী টংকেশ্বৰ ৰাভাই অনুষ্ঠানৰ আৰম্ভনিতে বন্তি প্ৰজ্জ্বলন কৰি পৰিষদৰ মুখ্যকেন্দ্ৰ দুধনৈত উপ কোষাগাৰটো স্থাপন কৰি শাসনাধিষ্ঠ বিজেপি চৰকাৰে দুধনৈবাসীৰ বহু দিনীয়া দাবী পুৰণ কৰাৰ বাবে চৰকাৰক ধন্যবাদ জনায়। আজিৰ এই অনুষ্ঠানত দুধনৈ ৰাজহ চক্ৰৰ চক্ৰ বিষয়া উৰ্মি মেধী, দুধনৈ মহাবিদ্যালয়, দুধনৈ ডায়েট আৰু দীনদয়াল মহাবিদ্যালয়ৰ অধ্যক্ষ ত্ৰয়, জিলা গাণণিক বিষয়া, বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানৰ বিষয়ববীয়াৰ লগতে স্থানীয় বহু গণ্যমান্য ব্যক্তিও উপস্থিত থাকে।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close