অসমশীৰ্ষ

দুধনৈ ৰাজহুৱা খেল পথাৰত ৭২সংখ্যক স্বাধীনতা দিৱস উদযাপন

দুধনৈৰ পৰা ভৱেশ চন্দ্ৰ ভাগৱতী, প্ৰথম খবৰ: ৰাভা-হাছং স্বায়ত্ব শাসিত পৰিষদৰ উদ্যোগত আৰু স্থানীয় প্ৰশাসন, বিভিন্ন দল-সংগঠন আৰু অনুষ্ঠান-প্ৰতিষ্ঠানৰ সহযোগত দুধনৈ ৰাজহুৱা খেলপথাৰত আজি উদযাপন কৰা হয় ৭২সংখ্যক স্বাধীনতা দিৱস৷ এই অনুষ্ঠান উপলক্ষে আজি ৰাতিপুৱাই দেশৰ স্বাধীনতা আন্দোলনত প্ৰাণ আহুতি দিয়া বীৰ শ্বহীদ জোৱান সকলক শ্ৰদ্ধাঞ্জলি জনাই স্মৃতি তৰ্পণ কৰে স্থানীয় বিধায়ক দীপক কুমাৰ ৰাভাই। ইয়াৰ পিছতে হাছং প্ৰধান টংকেশ্বৰ ৰাভাই স্বাধীনতা দিৱসৰ জাতীয় পতাকা উত্তোলন কৰি বিভিন্ন শিক্ষানুষ্ঠানৰ শিক্ষাৰ্থীৰ দ্বাৰা কুচকাৱাজ আৰু অভিবাদন গ্ৰহণ কৰি ৰাভা-হাছং বাসীক উদ্দ্যেশি ভাষণ প্ৰদান কৰে।

Related Articles

Leave a Reply

Close