অসমশীৰ্ষ

দৰং জিলা প্ৰধানমন্ত্ৰী কৌশল কেন্দ্ৰত ৰোজগাৰমেলা আৰু কৌশল মেলা অনুষ্ঠিত

প্ৰথম খবৰ, মংগলদৈ: আজি দৰং জিলা প্ৰধানমন্ত্ৰী কৌশল কেন্দ্ৰত ৰোজগাৰমেলা আৰু কৌশলমেলা শীৰ্ষক এটি অনুষ্ঠানৰ আয়োজন কৰা হয়। দৰং জিলা প্ৰধানমন্ত্ৰী কৌশল কেন্দ্ৰত প্ৰশিক্ষণ গ্ৰহন কৰি যোৱা ছাত্ৰ-ছাত্ৰী সকলৰ সংস্থাপনৰ উদ্দেশ্যে আজি বিভিন্ন কোম্পানীক আমন্ত্ৰণ জনাই সংস্থাপনৰ ব্যৱস্থা গ্ৰহন কৰে ইয়াৰ কৰ্তৃপক্ষই। আজিৰ এই ৰোজগাৰ মেলা আৰু কৌশল মেলাত বিশিষ্ঠ অতিথি হিচাপে উপস্থিত থাকে দৰং জিলাৰ অতিৰিক্ত উপায়ুক্ত পংকজ চক্ৰৱৰ্তী আৰু অৰিঅনৰ বিষয়া তথা দৰং জিলা প্ৰধানমন্ত্ৰী কৌশল কেন্দ্ৰৰ ৰোজগাৰ পৰিচালন বিষয়া পপী কলিতা, বিৰলা চান লাইভৰ বিষয়া সুৰজিৎ ডেকা। এই ৰোজগাৰ মেলা আৰু কৌশল মেলাত প্ৰশিক্ষণ গ্ৰহন কৰি উত্তীর্ণ হোৱা একাংশ যুৱক-যুৱতীক আজি প্ৰমাণ পত্ৰ প্ৰদান কৰা হয়। প্ৰমাণ প্ৰত্ৰ প্ৰদান অনুষ্ঠানত অংশ লয় দৰং জিলা প্ৰধানমন্ত্ৰী কৌশল কেন্দ্ৰৰ সহকাৰী ৰোজগাৰ পৰিচালন বিষয়া পংকজ কুমাৰে। উল্লেখ্য যে দৰং জিলা প্ৰধানমন্ত্ৰী কৌশল কেন্দ্ৰই ইয়াৰ জৰিয়তে শিক্ষিত নিৱনুৱা যুৱক-যুৱতী সকলক উন্নতমানৰ প্ৰশিক্ষণ প্ৰদান কৰি সংস্থাপনৰ ব্যৱস্থা গ্ৰহন কৰি আহিছে। আজিৰ এই অনুষ্ঠানত উপস্থিত থাকি দৰঙৰ শিক্ষিত নিৱনুৱা যুৱক-যুৱতী সকলক এই প্ৰশিক্ষণ গ্ৰহন কৰি সংস্থাপিত হবলৈ আহ্বান জনায় দৰঙৰ অতিৰিক্ত উপায়ুক্ত পংকজ চক্ৰৱৰ্তীয়ে। আজি এই ৰোজগাৰমেলা আৰু কৌশলমেলাৰ কাৰ্যসূচী সমূহৰ আঁত ধৰে দৰং জিলা কৌশল কেন্দ্ৰৰ কৌশল মিত্র নিৰঞ্জন শইকীয়াই। শতাধিক যুৱক-যুৱতীৰ উপস্থিতিত আজিৰ এই ৰোজগাৰ মেলা আৰু কৌশল মেলাত কেইবাটাও আগশাৰীৰ কোম্পানী আহি যুৱক-যুৱতী সকলৰ সাক্ষাৎকাৰ লয়।

Related Articles

Leave a Reply

Close