অসমশীৰ্ষ

দৰঙত স্বচ্ছ ভাৰত চামাৰ ইন্টাৰশ্বিপ প্ৰগ্ৰেম

প্ৰথম খবৰ, মংগলদৈ: দৰং জিলাৰ নগৰবাহী মোল্লাপাৰা নৱজোতি সংঘৰ উদ্যোগত আৰু নেহৰু যুৱ কেন্দ্র দৰঙৰ তত্বাবধানত অলপতে জিলাখনৰ সমূহ ব্ল’ক পৰ্যায়ৰ স্বেচ্ছাসেৱক-স্বেচ্ছাসেৱীকাসকলে মিলি বিভিন্ন কাৰ্যসূচীৰে এক স্বচ্ছ ভাৰত চামাৰ ইন্টাৰশ্বিপ প্ৰগ্ৰেম ৰূপায়ণ কৰে। এই কাৰ্যসূচীৰ জৰিয়তে দৰং জিলাৰ প্ৰত্যেকটো ব্ল’কৰ প্ৰায় প্ৰতিটো অঞ্চলৰ গাঁও আৰু সমাজখনক স্বচ্ছতাৰ ওপৰত কিছু আৰ্হি দেখুওৱাৰ প্ৰচেষ্টা কৰা হয়৷ কার্য্যসূচীটোত বিশেষভাৱে বৃক্ষ ৰোপন, ঝাৰুৰে চাফাই প্ৰক্রিয়া, সজাগতা সভা, ঘৰেঘৰে গৈ সজাগ কৰা, পেলনীয়া বস্তুৰ দ্বাৰা পচনসাৰ প্ৰস্তুত, বাটৰ নাট আদি দেখুওৱা হয়।

Related Articles

Leave a Reply

Close