অসমশীৰ্ষ

দৰঙৰ ঐতিহাসিক পাথৰিঘাটত মন্ত্ৰী নৱ দলে, ছিপাঝাৰত প্ৰধান মন্ত্ৰী আৱাস যোজনাৰ গৃহত নৈশ যাপনৰ উদ্দেশ্যে উপস্থিত মন্ত্ৰীগৰাকী 

প্ৰথম খবৰ, মংগলদৈ: শনিবাৰে ছিপাঝাৰ উন্নয়ন খণ্ডৰ অন্তৰ্গত পাথৰিঘাট গাওঁ পঞ্চায়তৰ অধীনৰ হিতাধিকাৰী মনিন্দ্ৰ দাসৰ ঘৰত নৈশ যাপনৰ উদ্দেশ্যে উপস্থিত হয় পঞ্চায়ত আৰু গ্ৰামোন্নয়ণ মন্ত্ৰী নৱ দলে। উল্লেখ্য যে প্ৰধানমন্ত্ৰী আৱাস যোজনা আঁচনিৰ অধীনৰ গৃহ নিৰ্মাণ সন্দৰ্ভত হিতাধিকাৰীয়ে সন্মুখীন হোৱা বিভিন্ন সমস্যা তথা তথ্য সংগ্ৰহৰ উদ্দেশ্য নৈশ যাপন কৰিবলৈ উক্ত ঠাইত উপস্থিত হয় মন্ত্ৰীগৰাকী। ইফালে হিতাধিকাৰী মনিন্দ্ৰ দাসে ধান, মাছ, গৰু বিক্ৰী কৰি প্ৰায় ৮০হাজাৰ টকাৰে নিজৰ গাঠীৰ ধন ভাঙি সম্পূৰ্ণ কৰিছিল প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ গৃহটো। এই গৃহটো নিৰ্মাণৰ বাবে চৰকাৰে এক লাখ ত্ৰিশ হাজাৰ টকাৰ অনুদান আগবঢ়াইছে যদিও সেই টকা এপাচি শাকত এটা জলকীয়াৰ লেখিয়া বুলি প্ৰকাশ কৰে খোদ ভূক্তভোগী হিতাধিকাৰীয়ে। ইপিনে শনিবাৰে দৰিদ্ৰ পৰিয়ালটোয়ে মন্ত্ৰীক অতিথি হিচাপে পাই ৰাতিৰ সাজত ঢেকীয়া, মাছ, মূৰ্গী আদিকে ধৰি বিভিন্ন ব্যঞ্জনেৰে অপ্যায়ণ কৰে মন্ত্ৰীগৰাকীক। কিন্তু লক্ষ্যণীয় যে হিতাধিকাৰীৰ অস্থাৱৰ সম্পত্তি বিক্ৰী কৰাই আঁচনিৰ গৃহ সম্পূৰ্ণ কৰি চৰকাৰে খোদ মন্ত্ৰীক নৈশ যাপন কৰোৱাই জণসাধাৰণৰ দৃষ্টিত ৱাহ ৱাহ লব বিচাৰিছে নেকি সেয়াহে এক বিচাৰ্যৰ বিষয়।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close