অসমশীৰ্ষ

দৰঙৰ কুৰুৱাত অসম ৰাজ্যিক পৰিবহন বিভাগৰ বাছ সেৱা মুকলি

প্ৰথম খবৰ, মংগলদৈ: বৃহস্পতিবাৰে দৰঙ জিলাৰ কুৰুৱাত অসম ৰাজ্যিক পৰিৱহন বিভাগে প্ৰৰ্ৱতন কৰে নতুন বাছ সেৱা। সুদীৰ্ঘ বছৰ অপেক্ষাৰ অন্তত কুৰুৱা আঞ্চলিক ছাত্ৰ সন্থাৰ নেতৃত্বত আৰু দৰং জিলা পৰিৱহন বিভাগৰ সহযোগত আয়োজিত এক অনুষ্ঠানৰ জৰিয়তে মুকলি কৰা হয় এই বাছ সেৱা। উক্ত কাৰ্যসূচীত উপস্থিত থাকে অসম ৰাজ্যিক পৰিৱহন বিভাগৰ তেজপুৰ সংমণ্ডলৰ অধীক্ষক ভাৰ্গৱ শ্ৰীবৎস, দৰং আৰু ওদালগুৰি জিলাৰ বাছ আস্থান অধীক্ষক গিৰিশ শইকীয়া, সদৌ দৰং জিলা ছাত্ৰ সন্থাৰ সভাপতি খনিন্দ ৰাজবংশী আৰু ইয়াৰ সাধাৰণ সম্পাদক পৰাগ কুমাৰ চহৰীয়াৰ লগতে কুৰুৱা আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি নৱ ৰাজবংশী আৰু ইয়াৰ সাধাৰণ সম্পাদক গৌতম কুমাৰ দাস। দৰঙ জিলাৰ কুৰুৱাত বৃহস্পতিবাৰৰ পৰা প্ৰৱৰ্তন হোৱা এই বাছ সেৱাই উক্ত অঞ্চলৰ ৰাইজৰ মাজত এক আনন্দসদৃশ পৰিৱেশৰ সৃষ্টি কৰি তোলে।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close