অসমশীৰ্ষ

দৰঙৰ মঙ্গলদৈ ৰামহৰিত এহাল বৃদ্ধ দম্পতীৰ কৰুণ কাহিনী

প্ৰথম খবৰ, মংগলদৈ: দৰং জিলাৰ মঙলদৈ ৰামহৰি চান্দোৱাল পাৰাস্থিত এহাল বৃদ্ধ দম্পতীৰ কৰুণ কাহিনীৰ যেন অৱসাণ ঘটিল৷ উল্লেখ্য যে ৰামহৰি চান্দোৱাল পাৰাস্থিত এহাল দম্পতীয়ে নিজৰ সন্তানৰ মৃত্যু হোৱাত বৃদ্ধ হালে বিগত প্ৰায় ১৫টা বছৰে বসবাস কৰি আহিছিল এখন ৰাজহুৱা শ্মশানৰ এটি সৰু উৰুখা পজাত৷ কিন্তু বুধবাৰে হঠাৎ তেওঁলোকৰ প্ৰতি চকু পৰে এটা স্থানীয় সংগঠনৰ৷ ৰামহৰি আঞ্চলিক যুৱ মঞ্চৰ কেইবাজনো সদস্যৰ চকুত এই বিষয়টো দৃষ্টিগোচৰ হোৱাত সমাজকৰ্মী বাবুল কিশোৰ বৰুৱাই এই সংক্ৰান্তত বিভিন্ন জনৰ সহায় বিচাৰি সংবাদ মাধ্যমৰ কাষ চাপে আৰু পিছত এই ক্ষেত্ৰত সাংবাদিক নৱজ্যোতি মহন্ত আৰু হিমাদ্ৰী কুমাৰ শৰ্মাই আগভাগ লোৱাত এই কথাষাৰ আৰক্ষী বিষয়া সুশান্ত বিশ্ব শৰ্মাৰো কাণত পৰে আৰু ৭৫ বছৰীয়া বৃদ্ধ ভূপেন বিশ্বাস আৰু ৭০ বছৰীয়া বৃদ্ধা শুৱলা বিশ্বাসৰ সমস্ত দ্বায়িত্ব লোৱাৰ কথা স্বীকাৰ কৰে আৰক্ষী বিষয়াগৰাকীয়ে৷ এই বৃদ্ধহালক খোৱা ৰেচনৰ বাবে মাহেকীয়া বাবত এখন দোকান ঠিক কৰি দিয়াৰ দায়িত্ব লয় আৰক্ষী বিষয়াগৰাকীয়ে৷ ইফালে দীপ্তি বড়ো, গোৰেশ্বৰৰ খগেন বড়ো, হিতেশ ডেকা, মঙলদৈৰ পৌৰপতি প্ৰতাপ বৰদলৈসহ বহু কেইগৰাকীয়ে বৃদ্ধহালক সহায়ৰ হাত আগবঢ়োৱাৰ লগতে বিধায়ক গুৰুজ্যোতি দাসেও এই বৃদ্ধহালক লাইট আৰু দমকল দিয়াৰ প্ৰতিশ্ৰুতি দিয়ে৷ বৃদ্ধ হালৰ প্ৰতি দেখুওৱা আৰক্ষী বিষয়া সুশান্ত বিশ্ব শৰ্মাৰ এই মহান কৰ্মক ৰাইজে সলাগ লোৱাৰ লগতে ৰামহৰি আঞ্চলিক যুৱ মঞ্চৰ এনে মহান কাৰ্যক বহুতেই প্ৰশংসা কৰে৷

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close