অসমশীৰ্ষ

ধৰ্মপুৰত অগপৰ বিষয়ববীয়া সভা, একৈশ চনত অগপৰ নেতৃত্বত অসমত চৰকাৰ হব-বিধায়ক পবীন্দ্ৰ নাথ ডেকা 

প্ৰথম খবৰ, নলবাৰী: নলবাৰীৰ ধৰ্মপুৰ সমষ্টিৰ বেলশৰ দেৱালয় প্ৰাংগনত আজি অসম গণ পৰিষদৰ এখন বিষয়ববীয়া সভা অনুষ্ঠিত হয়। ধৰ্মপুৰ সমষ্টি সমিতিৰ সভাপতি সোণেশ্বৰ পাটোৱাৰীৰ সভাপতিত্বত অনুষ্ঠিত হোৱা এই সভাত দলটোৰ কেন্দ্ৰীয় নেতা তথা পাটাছাৰকুছি সমষ্টিৰ বিধায়ক পবীন্দ্ৰ নাথ ডেকা, প্ৰাক্তন বিধায়ক মদন কলিতা, জিলা সভাপতি আনন্দ ৰাজবংশী, সম্পাদক জৌতিষ ঠাকুৰীয়া, যুৱ পৰিষদৰ কেন্দ্ৰীয় সম্পাদক অবনী বৰ্মন, বুবুল কলিতা, যুৱ পৰিষদৰ জিলা সভাপতি কনকেশ্বৰ দাস, কেন্দ্ৰীয় কাৰ্যনিৰ্বাহ অকণ বৰুৱা, মদন মালাকৰ, ন অগপ কিশোৰ হাজৰিকা, জিলা মহিলা পৰিষদৰ সভানেত্ৰী মিনা পাটোৱাৰী, সম্পাদিকা বিজুলী ৰাজবংশী, দলটোৰ নতুন দেহৰ জিলা পৰিষদৰ সম্ভাব্য প্ৰাৰ্থী কেশৱ ডেকা, বেলশৰ জিলা পৰিষদৰ সাম্ভাব্য প্ৰাৰ্থী নিভা বৰুৱা, তফিকুল ইছলাম সহ ধৰ্মপুৰ সমষ্টিৰ একৈশ খন আঞ্চলিকৰ বিষয়ববীয়া উপস্থিত থাকে। ধৰ্মপুৰ সমষ্টি সমিতিৰ সম্পাদক দিলীপ তালুকদাৰে আঁত ধৰা আজিৰ এই সভাত অগপৰ কেন্দ্ৰীয় নেতা তথা বিধায়ক পবীন্দ্ৰ নাথ ডেকাই ভাষণ ৰাখি সমগ্ৰ অসমৰ লগতে ধৰ্মপুৰ সমষ্টিতো বিজেপি, কংগ্ৰেছে, অগপ তথা আঞ্চলিকতাবাদৰ শক্তি কিমান আগন্তুক পঞ্চায়ৰ নিৰ্বাচনত তাৰ উমান পোৱা যাব বুলি উল্লেখ কৰে আৰু দুই হেজাৰ একৈশ চনত অগপ দলৰ নেতৃত্বত অসমত চৰকাৰ হব বুলি মত প্ৰকাশ কৰে। অগপ ধৰ্মনিৰপেক্ষ আঞ্চলিক দল বুলি কৈ ইয়াক ৰাইজে তুলি তালি ডাঙৰ-দীঘল কৰাৰ লগতে প্ৰাপ্তবয়স্ক কৰাৰ কথাও উল্লেখ কৰে বিধায়কগৰাকীয়ে। অগপই কেতিয়াবা ভুল কৰিলেও ইয়াক ৰাইজে আঙুলিয়াই দিয়াৰ কথা কৈ বিজেপি-কংগ্ৰেছ দলক ৰাষ্ট্ৰীয় দলৰ বিৰোধীতা কৰি সম্প্ৰতি আঞ্চলিকতাবাদক ৰাইজে পুনৰ বিচৰাৰ কথা উল্লেখ কৰাৰ লগতে ৰাইজৰ নিৰ্দেশ মতেহে অগপ দল পৰিচালিত হব বুলি উল্লেখ কৰে পাটাছাৰকুছি সমষ্টিৰ বিধায়কগৰাকীয়ে। ভাষণ প্ৰসংগত বিধায়ক ডেকাই লগতে কংগ্ৰেছৰ অন্যায় আৰু দূৰ্নীতিৰ বাবেহে বিধানসভা নিৰ্বাচনত বিজেপিক সমৰ্থন আগবঢ়োৱাৰ কথা উল্লেখ কৰে। কেন্দ্ৰ আৰু ৰাজ্যৰ বিজেপি নেতৃত্বাধীন চৰকাৰে ৰাইজৰ ক্ষতি হোৱা কাম কৰিলে অগপ দল বহি নাথাকে বুলি কৈ ধৰ্মপুৰত মিত্ৰ শক্তি অগপক বিজেপি নেতৃত্বাধীন চৰকাৰৰ উদ্যোগ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে কোনো গুৰুত্ব নিদিয়াৰ কথা উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে আগন্তুক সময়ত ইয়াৰ ফল পাব বুলিও উল্লেখ কৰে। ইফালে আগন্তুক পঞ্চায়ত নিৰ্বাচনত অগপ দল অকলে অৱতীৰ্ণ হোৱাৰ সিদ্ধান্তত আজিও অটল আছে বুলি ভাষনত উল্লেখ কৰে বিধায়ক গৰাকীয়ে। আজিৰ এই সভাত আগন্তুক পঞ্চায়ত নিৰ্বাচনৰ বাবে ধৰ্মপুৰত অগপই অকলে অৱতীৰ্ণ হোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়। লক্ষ্যণীয় যে ৰাজ্যৰ উদ্যোগ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ সমষ্টি ধৰ্মপুৰত আজিৰ অগপৰ এই সভাখনে একপ্ৰকাৰ পঞ্চায়ত নিৰ্বাচনৰ কুচকাৱাজ আৰু শাসকীয় বিজেপি দলক কৌশলগত প্ৰত্যাহ্বান দিয়া বুলি চৰ্চা লাভ কৰিছে ৰাজনৈতিক মহলত।

Related Articles

Leave a Reply

Close