Uncategorizedঅসমশীৰ্ষ

ধৰ্মপ্ৰাণা মহিলা জয়মতী বৰাৰ মৃত্যুত নগাঁৱৰ জুৰীয়াত শোকৰ ছাঁ

প্ৰথম খবৰ, জাজৰি: নগাঁও জিলাৰ জুৰীয়া খৰঙী গাঁওৰ বিশিষ্ট ধৰ্মপ্ৰাণা মহিলা, সমাজকৰ্মী জয়মতী বৰাই ৮০ বছৰ বয়সত দেওবাৰে পুৱা ৭:১৫ বজাত ইহলীলা সম্বৰণ কৰে। বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানৰ লগত জড়িত থকা এই মহিলাগৰাকী খৰঙী গাঁও মহিলা সমিতি, খৰঙী গাঁও নামঘৰ আদিৰ লগত জড়িত থকাৰ লগতে সমগ্ৰ জুৰীয়া অঞ্চলৰে এগৰাকী আগশাৰীৰ নামতি আছিল। উল্লেখ্য যে প্ৰয়াত প্ৰধান শিক্ষক আদিৰাম বৰাৰ পত্নী জয়মতী বৰাই সমাজখনক আগুৱাই নিয়াত বিভিন্ন প্ৰকাৰে অৰিহণা যোগাই আহিছিল। নিৰ্মিয়মান খৰঙীগাওঁ নামঘৰ ভাগি নিৰ্মাণ কৰাত তেখেতে বিনা দ্বিধাই ভূমি দান কৰি ভক্তপ্ৰাণ ৰাইজৰ পৰা সমাদৰ লাভ কৰিছিল। ১৯৩৮ চনৰ ১৫ আগষ্টত জন্মগ্ৰহণ কৰা মহিলা গৰাকী বিগত কেইমাহ মান ধৰি এক জটিল ৰোগত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ থকাৰ পিছত দেওবাৰে বৰাই শেষ নিশ্বাস ত্যাগ কৰে৷ তেখেতৰ মৃত্যুত জুৰীয়া প্ৰেছ ক্লাৱ, ভা:জ:পাৰ জুৰীয়া মন্ডল সমিতি, খৰঙীগাওঁ নামঘৰ পৰিচালনা সমিতি, শংকৰদেৱ কলা কৃষ্টি বিকাশ কেন্দ্ৰ, অ:গ:প:ৰ তেলিয়া বেবেজীয়া আঞ্চলিক সমিতি, শ্ৰী শ্ৰী শংকৰদেৱ মন্দিৰ পৰিচালনা সমিতি, খৰঙীগাওঁ আইমাত্ৰী সমাজকে আদি কৰি বিভিন্ন দল সংগঠনে শোক প্ৰকাশ কৰে। মৃত্যুৰ সময়ত মহিলা গৰাকীয়ে এগৰাকী পুত্ৰ তথা দৈনিক অগ্ৰদূতৰ স্থানীয় সংবাদদাতা দিবাকৰ বৰা, বোৱাৰী, এগৰাকী জীয়ৰী আৰু জোৱাইৰ লগতে তিনি নাতি-নাতিনী সহ বহু আত্মীয় স্বজনক এৰি থৈ যায়।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close