অসমশীৰ্ষ

নগাঁৱৰ পহুকটা চেঁ‌চামুখৰ পৰা মহিলা সন্ধানহীন 

প্ৰথম খবৰ, জাজৰি: নগাঁও জিলাখনত বিভিন্ন নাৰীজনিত ঘটনাই সংবাদ মাধ্যমৰ লগতে সাধাৰণ জনতাৰ মাজত ব্যাপক প্ৰতিক্ৰিয়া লাভ কৰাৰ সময়তে নগাঁও চহৰৰ দাঁ‌তি কাষৰীয়া অঞ্চল পহুকটা চেঁ‌চামুখৰ পৰা সন্ধানহীন হয় এগৰাকী মহিলা। জানিব পৰা মতে নগাঁও জিলাৰ ইটাচালি আৰক্ষী চকীৰ অন্তৰ্গত পহুকটা চেঁ‌চামুখৰ প্ৰিয়ঙ্কা বৰা নামৰ মহিলাগৰাকী যোৱা সাত আগষ্টৰ পৰা সন্ধানহীন হৈ আছে। উল্লেখ্য যে নগাঁও জিলাৰ কন্দলিৰ মহিলাগৰাকী পহুকটা চেঁ‌চামুখৰ মুন বৰাৰ সৈতে তিনি বছৰ পূৰ্বে বিবাহপাশত আৱদ্ধ হৈছিল। এই ঘটনা সন্দৰ্ভত মহিলাগৰাকীৰ পৰিয়ালৰ লোকে নগাঁ‌ও আৰক্ষীৰ ওচৰত এজাহাৰ দাখিল কৰিছে আৰু এই এজাহাৰত উক্ত ঘটনাৰ আঁ‌ৰত মহিলাগৰাকীৰ স্বামী আৰু পৰিয়ালৰ স্থিতি সন্দেহজনক বুলি উল্লেখ আছে। ইতিমধ্যে আৰক্ষীয়ে এই ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে যদিও বৰ্তমানলৈকে মহিলাগৰাকীৰ কোনো শুংসূত্ৰ উলিয়াব পৰা নাই আৰক্ষীয়ে।

Related Articles

Leave a Reply

Close