অসমশীৰ্ষ

নগাঁৱৰ বেবেজীয়াত প্ৰয়াত শিক্ষাবিদ নাৰায়ণ শৰ্মাৰ স্মৃতিচাৰণ সভা

প্ৰথম খবৰ, জাজৰি: এটা যুগ শেষ হল। নগাঁঞাই হেৰুৱালে ঐতিহ্যমণ্ডিত বেবেজীয়া পণ্ডিত কনক শৰ্মা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰথম গৰাকী অধ্যক্ষ, প্ৰবীণ শিক্ষাবিদ তথা বিশিষ্ট সমাজকৰ্মী নাৰায়ণ শৰ্মাদেৱক। যোৱা ১২ জুলাই বৃহস্পতিবাৰে স্বৰ্গগামী হয় এই বিশিষ্ট শিক্ষাবিদ গৰাকী। এই উপলক্ষে আজি বেবেজীয়া পণ্ডিত কনক শৰ্মা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্রেক্ষাগৃহত পূৰ্ণ বেজবৰুৱাৰ সভাপতিত্বত আয়োজিত হোৱা স্মৃতিচাৰণ সভাৰ বন্তি প্ৰজ্বল‌নেৰে সভাৰ শুভাৰাম্ভণি কৰে নাৰায়ণ শৰ্মাদেৱৰ সহধৰ্মিনী বিজু শৰ্মাই। তেখেতৰ স্মৃতিত “নাৰায়নজ্যোতি” নামৰ এখন স্মৃতি গ্ৰন্থ উন্মোচন কৰে সদৰ সমষ্টিৰ প্ৰাক্তন বিধায়ক গিৰিন্দ্ৰ কুমাৰ বৰুৱাদেৱে। উক্ত অনুষ্ঠানত বহুকেইগৰাকী শিক্ষাবিদ, সমাজসেৱকৰ লগতে অঞ্চলৰ শতাধিক ৰাইজৰ উপস্থিতিত শিক্ষাবিদ গৰাকীৰ বিদেহী আত্মাৰ সদগতি কামনাৰে অনুষ্ঠানৰ সফল সমাপ্তি ঘটে।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close