অসমশীৰ্ষ

নলবাৰীত অৰ্থৰ অভাৱত প্ৰাণ গ’ল এজনৰ, জি এম চি এইচ কৰ্তৃপক্ষৰ বিৰুদ্ধে হেমাহিৰ অভিযোগ পৰিয়ালৰ

প্ৰথম খবৰ, নলবাৰী: সোমবাৰে নলবাৰী জিলাৰ এগৰাকী লোকে অৰ্থৰ অভাৱত ৰোগ দেখাব নোৱাৰি জীৱন ত্যাগীবলগীয়া হোৱা ঘটনাই সমগ্ৰ জিলাখনতে প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। উল্লেখ্য যে ৰাজ্য চৰকাৰ তথা স্বাস্থ্য মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই স্বাস্থ্য বিভাগৰ সংস্কাৰ সাধন কৰি নতুনত্ব দিয়া বুলি ১৯ খনকৈ কেন্সাৰ হাস্পাতাল নিৰ্মাণ কৰা হ’ব বুলি চিঞৰি থকাৰ সময়তে নলবাৰীৰ গন্ধীয়াৰ প্ৰেমধৰ শৰ্মা নামৰ লোকজনে কেন্সাৰ ৰোগত আক্ৰান্ত হৈ দীৰ্ঘদিন ধৰি গুৱাহাটীৰ জি এম চি এইচত চিকিৎসা গ্ৰহণ কৰি আহিছিল যদিও অৱশেষত লোকজনে মৃত্য়ুক আকোৱালি লয়। জানিব পৰা মতে এই লোকজনে আন দিনাৰ দৰে সোমবাৰেও নলবাৰীৰ গন্ধীয়াৰ পৰা গুৱাহাটীৰ জি এম চি এইচ লৈ পত্নীৰ সৈতে ৰোগ দেখুৱাবলৈ আহি চিকিৎসকে নিদান পত্ৰত ব্যয় বহুল ঔষধ লিখিছিল আৰু চিকিৎসালয়ত ভৰ্তি কৰাব দিছিল। কিন্তু অৰ্থৰ অভাৱত ভৰ্তি কৰাব নোৱাৰি ঘৰলৈ বুলি আহিব খুজিছিল যদিও চিকিৎসালয় চৌহদতে গা বেয়া লগা বুলি কয় প্ৰেমধৰ শৰ্মাই। এনেতে পত্নীয়ে চিকিৎসালয় চৌহদৰ ফুটপাথতে বহাই দিয়ে ৰোগীজনক। কিন্তু ৰোগী শৰ্মাই হতাশ হৈ পৰে আৰু কিছু সময়ৰ পিছত ঢলি পৰাত লগে লগে হাহাকাৰ লগাই দিয়ে পত্নীয়ে৷ পিছত চিকিৎসালয় চৌহদত থকা একাংশ ৰাইজে প্ৰেমধৰক পুনৰ চিকিৎসালয়ৰ ভিতৰত নি চিকিৎসকক দেখুওৱাবলৈ লয় যদিও প্ৰেমধৰ শৰ্মা নামৰ লোকজনে শেষ নিশ্বাস ত্যাগ কৰা বুলি চিকিৎসকে ঘোষণা কৰে। পৰিয়ালৰ অভিযোগ অনুসৰি চিকিৎসা ব্যৱস্থাৰ ক্ষেত্ৰত জি এম চি এইচ কৰ্তৃপক্ষই বিশেষ গুৰুত্ব দিয়া নাছিল। চৰকাৰৰ স্বাস্থ্য বিভাগে সকলোৰে বাবে স্বাস্থ্যৰ যতন লোৱা বুলি প্ৰচাৰ কৰি থকাৰ সময়তে এনেদৰে এগৰাকী ৰোগী অৰ্থৰ অভাৱত মৃত্যু হবলগা বিষয়টোৱে স্বাস্থ্য বিভাগৰ ফোপোলা স্বৰুপটো উদঙাই দিছে৷

Related Articles

Leave a Reply

Close