অসমশীৰ্ষ

নলবাৰীৰ এখন বিদ্যালয়ত জাতীয় পতাকাক চৰম অবমাননা

প্ৰথম খবৰ, নলবাৰী: নলবাৰী জিলাৰ বৰিগোগ বৰভাগ ব্লকৰ অন্তৰ্গত মহিনা বালিকা মধ্য ইংৰাজী বিদ্যালয়ত সংঘটিত হৈছে এক দুৰ্ভাগ্যজনক ঘটনা৷ দেশ স্বাধীন হোৱাৰ ৭২ বছৰ পিছতো আজিৰ এইখন বিদ্যালয়ৰ প্ৰধান শিক্ষক আৰু বিদ্যালয় কৰ্তৃপক্ষই নাজানিলে জাতীয় পতাকাৰ বিশেষত্ব৷ প্ৰাথমিক পৰ্যায়তে পাই অহা “ওপৰে গেৰুৱা মাজত শুকুলা তলত শ্যামল আছে” বাক্যশাৰীৰ বিপৰীতে বৰিগোগ বৰভাগ ব্লকৰ অন্তৰ্গত মহিনা বালিকা মধ্য ইংৰাজী বিদ্যালয়ৰ প্ৰধান শিক্ষক ৰবিন্দ্র কলিতা আৰু এওঁৰ সহযোগী শিক্ষক কৰ্মীসকলৰ বাবে ই হ’ল “ওপৰে শ্যামল মাজত শুকুলা তলত গেৰুৱা আছে”৷

উল্লেখ্য যে ১৯৯৪ চনত স্থাপিত হোৱা এইখন বিদ্যালয়ৰ বিৰুদ্ধে বহু দুৰ্নীতিৰ অভিযোগ আছে স্থানীয় লোকৰ৷ স্থানীয় ৰাইজৰ অভিযোগ অতি কম সংখ্যক ছাত্ৰী থকা এই স্কুলখনত ভুৱা ছাত্ৰীৰ উপস্থিতি দেখুৱাই Block Officer আৰু খণ্ড উন্নয়ন বিষয়াক মেনেজ কৰি প্ৰাদেশিকৰণ কৰা হৈছিল এই বিদ্যালয়খন৷ ৰাইজৰ মতে বৰ্তমান সময়তো উপযুক্ত পৰিমানে ছাত্ৰী নাই এইখন বিদ্যালয়ত৷ বিশ্বায়ণৰ আজিৰ এই যুগতো পতাকা উত্তোলন কৰিব নজনা এইখন বিদ্যালয়ৰ প্ৰধান শিক্ষককে আদি কৰি দুৰ্নীতিয়ে গা কৰি উঠা এইখন বিদ্যালয়ৰ বিদ্যালয় কৰ্তৃপক্ষৰ বিৰুদ্ধে এতিয়া উচিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ অসম চৰকাৰৰ শিক্ষা বিভাগক দাবী জনাইছে ইয়াৰ স্থানীয় ৰাইজে৷

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close