অসমশীৰ্ষ

নলবাৰীত কৃষক সভা আৰু চি আই টি ইউৰ জেল ভৰাওক প্ৰতিবাদী কাৰ্যসূচী

প্ৰথম খবৰ, নলবাৰী: বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ নীতিৰ ফলত কৃষি আৰু কৃষক তথা শ্ৰমজীৱি জনসাধাৰণ সম্প্ৰতি বিপৰ্যয়ৰ সন্মূখীন হৈছে। পেট্ৰ’ল, ডিজেলকে ধৰি অত্যাৱশ্যকীয় সামগ্ৰীৰ লগতে কৃষি উৎপাদনৰ বাবে দৰকাৰী সাৰ, বীজ, কীটনাশক সামগ্ৰী আদিৰ ব্যাপক হাৰত মূল্য বৃদ্ধি হোৱাত কৃষকেও আজি ফচলৰ প্ৰকৃত মূল্য পাবলৈ সক্ষম হোৱা নাই। নিৰ্বাচনৰ পূৰ্বে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু বিজেপিয়ে স্বামীনাথন আয়োগৰ অনুমোদন অনুযায়ী উৎপাদনৰ ব্যয়ৰ লগত অতিৰিক্ত পঞ্চাশ শতাংশ যোগ দি কৃষিজাত পণ্যৰ নূন্যতম সহায়ক মূল্য নিৰ্ধাৰণ কৰিব বুলি প্ৰতিশ্ৰুতি দিছিল যদিও বিজেপিয়ে কেন্দ্ৰত শাসনভাৰ গ্ৰহণ কৰি কৃষকক মাধমাৰ সোধোৱা নীতিহে লৈছে। যাৰ ফলত বৰ্তমান কৃষকৰ পানীত হাঁহ নচৰা অৱস্থাৰ সৃষ্ঠি হোৱা বুলি আজি মন্তব্য আগবঢ়ায় কৃষক সভাৰ ৰাজ্যিক নেতা ৰবীন মিশ্ৰই৷ নলবাৰী চহৰত নিখিল ভাৰত কৃষক সভাৰ অন্তৰ্ভুক্ত কৃষক পৰিষদ নলবাৰী জিলা সমিতি আৰু চি আই টি ইউৰ উদ্যোগত দুই সহস্ৰাধিক লোকৰ উপস্থিতিত মূঠ ১৩টা দাবীৰ ভিত্তিত অনুষ্ঠিত হোৱা আজিৰ এই জেল ভৰাওক প্ৰতিবাদী কাৰ্যসূচীত অংশ গ্ৰহণ কৰি কৃষক নেতা ৰবীন মিশ্ৰই মোদী চৰকাৰৰ যোৱা চাৰি বছৰত কৃষি উৎপাদন বৃদ্ধিৰ গড় হাৰ ১•৭ শতাংশলৈ হ্ৰাস পাইছে বুলি উল্লেখ কৰে৷ ইফালে চৰকাৰী প্ৰতিষ্ঠানৰ ঋণৰ পৰিমাণ হ্ৰাস পোৱাত সুদখোৰ মহাজনৰ পৰা কৃষকে ঋণ লবলৈ বাধ্য হৈছে বুলি কৈ ঋণ পৰিশোধ কৰিব নোৱাৰি কৃষকে আত্মহত্যাৰ দৰে পথ বাছি লবলগা হোৱাৰ কথা উল্লেখ কৰে কৃষক নেতাগৰাকীয়ে৷ মোদী চৰকাৰৰ আমোলত কৃষকৰ আত্মহত্যা ৪২ শতাংশ হাৰত বৃদ্ধি পোৱাৰ কথা উল্লেখ কৰি প্ৰতিবছৰে অসমত বানপানী আৰু গৰাখহনীয়াৰ তাণ্ডৱত কৃষি অৰ্থনীতিৰ ককাল ভঙা বুলি কোৱাৰ লগতে হেজাৰ হেজাৰ কৃষক পৰিয়াল সৰ্বহাৰা হোৱাৰ কথাও উল্লেখ কৰে৷ নেতাগৰাকীয়ে কেন্দ্ৰৰ বিজেপি নেতৃত্বাধীন চৰকাৰখনে অসমৰ বান আৰু গৰাখহনীয়াৰ সমস্যাক ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা আৰু ইয়াৰ বাস্তৱ সমাধানৰ দাবী নস্যাৎ কৰা বুলি উল্লেখ কৰাৰ লগতে বৃহৎ পুঁজিপতি গোষ্ঠীৰ স্বাৰ্থত দেশৰ শ্ৰম আইনসমূহ পৰিৱৰ্তন কৰি ‘শ্ৰম সংস্কাৰ’ৰ নামত মোদী চৰকাৰে শ্ৰমিক কৰ্মচাৰীক ক্ৰীতদাসত পৰিণত কৰাৰ ব্যৱস্থা কৰিছে বুলি উল্লেখ কৰে কৃষক নেতাগৰাকীয়ে৷ ফিক্স টাৰ্ম এমপ্লয়মেন্টৰ অধিসূচনা জাৰী কৰি পুঁজিপতি মালিক শ্ৰেণীক সকলো ক্ষেত্ৰতে অস্থায়ী শ্ৰমিক নিয়োগ কৰাৰ সুবিধা কৰি দি এচাম ৰাজনৈতিক নেতাই মুনাফা লুটিছে বুলিও ভাষণত প্ৰকাশ কৰে কৃষক নেতা ৰবীন মিশ্ৰই। নলবাৰী চহৰৰ বিভিন্ন ঠাই পৰিভ্ৰমণ কৰি বাটাৰ চকত পথ অৱৰোধ কৰি আজি এনেদৰেই জেল ভৰাওক কাৰ্যসূচীৰ সফল ৰূপায়ন কৰে দুই কৃষক গোটে৷ বাটাৰ চকত বাওঁপন্থী নেতা জগত গোস্বামীয়ে ভাষণ ৰাখি কৃষক শ্ৰমিকৰ মূল্য বুজি নেপাই কেন্দ্ৰ তথা ৰাজ্যৰ বিজেপি নেতৃত্বাধীন চৰকাৰে সকলো দিশেৰে কৃষকক বিপদত পেলাই ৰামটাঙোন সোধোৱাৰ কথা উল্লেখ কৰে৷ কৃষক তথা অন্যান্য অংশৰ শ্ৰমজীৱি ৰাইজে যাতে ঐক্যবদ্ধ হৈ চৰকাৰৰ কৃষক তথা জনবিৰোধী নীতিৰ বিৰুদ্ধে সংগ্ৰাম গঢ়ি তুলিব নোৱাৰে তাৰ বাবে সম্প্ৰতি বিজেপি চৰকাৰে এন আৰ চি আৰু নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ৰ জৰিয়তে সাম্প্ৰদায়িক বিভাজনৰ ৰাজনীতিৰ আশ্ৰয় লৈছে বুলিও উল্লেখ কৰে বাওঁপন্থী নেতাজনে৷ সৰ্বানন্দ সোণোৱাল চৰকাৰখনো বিগত দুবছৰ ধৰি নিৰ্বাচনী প্ৰতিশ্ৰুতি অনুযায়ী কাম কৰিব পৰা নাই বুলি উল্লেখ কৰি এয়াই বিজেপি চৰকাৰৰ আচ্ছে দিন আৰু পৰিৱৰ্তন বুলি দোহাৰে বাওঁপন্থী নেতা গোস্বামীয়ে। চি আই টি ইউৰ নেতা নৃপেন্দ্ৰ চন্দ্ৰ কলিতাই আতঁ ধৰা কাৰ্যসূচীত বাওঁপন্থী নেতা মহেশ্বৰ দত্তইও ভাষণ ৰাখি কেন্দ্ৰ তথা ৰাজ্য চৰকাৰৰ জনবিৰোধী নীতিৰ বিৰুদ্ধে সমালোচনা কৰে।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close