অসমশীৰ্ষ

নলবাৰীত প্ৰসাদ খাই গুৰুতৰভাৱে অসুস্থ ২০ জনতকৈ অধিক লোক

প্ৰথম খবৰ, নলবাৰী: সোমবাৰে নলবাৰীত পূজাৰ প্ৰসাদ খাই গুৰুতৰভাৱে অসুস্থ হ’বলগীয়াত পৰে ২০ জনতকৈ অধিক লোক। জানিব পৰা মতে নলবাৰী জিলাৰ কঠালবাৰীস্থিত দশৰথ ৰাজবংশী নামৰ লোক এজনৰ ঘৰত সোমবাৰে নিশা নাম প্ৰসংগ অনুষ্ঠিত হয় আৰু এই নাম প্ৰসংগত দিয়া প্ৰসাদ খাই নিশাৰ পৰাই গাঁওখনৰ বহু কেইজন শিশুৰ লগতে ২০ জনৰো অধিক লোকৰ শৌচ-বমি আৰম্ভ হয়। পিছত গুৰুতৰভাৱে অসুস্থ আটাই কেইগৰাকীক প্ৰথমে বৰমা প্ৰাথমিক চিকিৎসালয়ত ভৰ্ত্তি কৰা হয় যদিও কেইজন মানৰ অৱস্থা সংকট জনক হোৱাত পৰিয়ালৰ লোকে তেওঁলোকক গুৱাহাটী চিকিৎসা মহাবিদ্যালয়লৈ লৈ যায়৷ ক্ৰমাত শৌচ-বমি হোৱা লোককেইজনৰ অৱস্থা সংকট মুক্ত বুলি জানিবলৈ দিছে চিকিৎসকে।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close