অসমশীৰ্ষ

নলবাৰীৰ কৰিয়া-বিজুলীঘাট স্বাস্থ্য কেন্দ্ৰত ৰাইজৰ উত্তাল প্ৰতিবাদ

প্ৰথম খবৰ, নলবাৰী: নলবাৰী জিলাৰ কৰিয়া-বিজুলীঘাট প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত শুক্ৰবাৰে এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়৷ স্বাস্থ্য বিভাগত অামূল পৰিবৰ্তন অনা বুলি দাবী কৰা স্বাস্থ্য মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ স্বাস্থ্য বিভাগৰ বিৰুদ্ধে শুক্ৰবাৰে কৰিয়া-বিজুলীঘাটৰ ৰাইজে স্বাস্থ্য কেন্দ্ৰটোৰ সন্মুখত ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰাৰ লগতে ইয়াৰ চিকিৎসক, ফাৰ্মাচিষ্ট, নাৰ্ছ আৰু কৰ্মচাৰী সকলৰ অনিয়মীয়া উপস্থিতি তথা ইয়াৰ কৰ্তৃপক্ষই নিয়মীয়া ঔষধ যোগান নধৰাত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে। উক্ত অঞ্চলৰ ৰাইজৰ অভিযোগ এই স্বাস্থ্য কেন্দ্ৰটোত দীৰ্ঘদিন ধৰি চিকিৎসক, ফাৰ্মাচিষ্ট, নাৰ্ছৰ লগতে কৰ্মচাৰী সকল সময়মতে উপস্থিত নোহোৱাত এই অঞ্চলৰ ৰাইজ হাৰাশাস্তিত ভূগিবলগীয়া হৈছে।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close