Uncategorizedঅসমশীৰ্ষ

নলবাৰীৰ জানিগোগৰ পথত মহিলাৰ প্ৰতিবাদ, পঞ্চায়ত নিৰ্বাচনত ভোট বৰ্জনৰ হুংকাৰ

প্ৰথম খবৰ,নলবাৰী: পথৰ মাজত চেপা পাতি শুক্ৰবাৰে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে নলবাৰীৰ জানিগোগৰ একাংশ মহিলাই। চৰকাৰে কৰিব নোৱাৰা কাম হাতে কামে কৰি দেখুৱালে নলবাৰীৰ এচাম মহিলায়ে৷ এওঁলোকৰ অভিযোগ একাংশ জনপ্ৰতিনিধিয়ে কেৱল নিৰ্বাচনৰ সময়ত ভোট বিচাৰি আহে আৰু তেওঁলোকৰ অঞ্চলৰ উন্নয়ণৰ আশ্বাস দিয়ে। কিন্তু নিৰ্বাচন ওলাই যোৱাৰ পিছত এয়া ফুটুকাৰ ফেনতহে পৰিণত হয়। নলবাৰী বিধানসভা সমষ্টিৰ অন্তৰ্গত জানিগোগৰ হাজো-নলবাৰী পথৰ পৰা জানিগোগ-কমাৰপাৰা সংযোগী পথটোৰ জৰাজীৰ্ণ অৱস্থাৰ বাবে প্ৰতিবাদ কৰিবলৈ শুক্ৰবাৰে নিজ কাম-বন এৰি ৰাজপথলৈ ওলাই আহে মহিলাসকল৷ বছৰ বছৰ ধৰি এই পথটোৰ জৰাজীৰ্ণ ৰূপে এতিয়া জীয়াতু ভুগাইছে পথচাৰীৰ লগতে উক্ত অঞ্চলবাসীক৷ কিন্তু কাণসাৰ নাই জনপ্ৰতিনিধিৰ। অভিযোগ অনুসৰি পথটোৰ দূৰৱস্থাৰ বিষয়ে পূৰ্বৰ কংগ্ৰেছ চৰকাৰৰ জনপ্ৰতিনিধি তথা সদ্য সমাপ্ত পঞ্চায়তৰ সভাপতি জিণ্টু মল্ল বৰুৱা, আঞ্চলিক সদস্যা মঞ্জু ডেকা, গাওঁ সভাৰ সদস্যা নমিতা দেৱীক বহু বাৰ আবেদন-নিবেদন কৰিও বিফল হৈছে অঞ্চল বাসী৷ আজিকোপতি পথৰ জৰাজীৰ্ণ ৰূপ চকুতেই নপৰিল জনপ্ৰতিনিধিৰ৷ সেয়েহে ক্ষোভিত হৈ শুক্ৰবাৰে ওলাই আহিবলৈ বাধ্য হয় উক্ত অঞ্চলৰ মহিলা সকল। লগতে হাতে হাতে কোৰ, ছাঙি লৈ এফালৰ পৰা পথ নিৰ্মাণত লাগি পৰিল মহিলা সকল৷ আনহাতে একাংশ উত্তেজিত মহিলাই পথৰ মাজত চেপা পাতি প্ৰতিবাদ সাব্যস্ত কৰাৰ লগতে ক্ষোভো উজাৰিলে জনপ্ৰতিনিধিৰ বিৰুদ্ধে৷ ইফালে নিৰ্বাচনৰ সময়ত জনপ্ৰতিনিধিয়ে ভোটৰ বাবেই প্ৰতিশ্ৰুতি দি আভুৱা ভৰাৰ কথা উল্লেখ কৰি পঞ্চায়ত নিৰ্বাচনত ভোট বৰ্জনৰ হুংকাৰো প্ৰদান কৰে ইয়াৰ উত্তেজিত মহিলা সকলে।

Related Articles

Leave a Reply

Close