অসমশীৰ্ষ

নলবাৰী কাৰাগাৰত কয়দীৰ আত্মহত্যা

প্ৰথম খবৰ, নলবাৰী: নলবাৰী জিলা কাৰাগাৰত মঙ্গলবাৰে এক অঘটন সংঘটিত হয়৷ কাৰাগাৰৰ ভিতৰত এজন কয়দীয়ে আত্মহত্যা কৰাক লৈ কাৰাগাৰত চাঞ্চল্যই বিৰাজ কৰাৰ লগতে এই ঘটনাক লৈ সৃষ্টি হয় এক ৰহস্যৰ৷ উল্লেখ্য যে বিকাশ কলিতা নামৰ কয়দী এজনে কাৰাগাৰৰ ভিতৰত থকা গা ধোৱা ঘৰত নিজৰ পিন্ধা কাপোৰেৰে চিপ লৈ আত্মহত্যা কৰে৷ প্ৰেমজনিত কাৰণত কাৰাগাৰলৈ অহা যোৰহাটৰ বিকাশ কলিতাৰ আত্মহত্যাৰ এই ঘটনাই এতিয়া কাৰাগাৰৰ নিৰাপত্তাৰ দিশটোৰ ওপৰত এক প্ৰশ্নৰ সৃষ্টি কৰিছে।

Related Articles

Leave a Reply

Close