অসমশীৰ্ষ

নলবাৰী বৰভাগৰ ছাত্ৰ হিমাংশু বৰুৱাৰ আকস্মিক মৃত্যুত শোকৰ ছা

নলবাৰীৰ পৰা জিন্টুমনি ভূঞাঁৰ প্ৰতিবেদন, প্ৰথম খবৰ: কমাৰকুছি আৰক্ষী চকীৰ অন্তৰ্গত কোটালকুছি গাঁও তথা শংকৰদেৱ শিশু বিদ্যা নিকেতন, বৰভাগৰ সপ্তম মান শ্ৰেণীৰ ছাত্র হিমাংশু বৰুৱা(১৩)ৰ শুক্ৰবাৰে নিশা দহ বজাত আকস্মিকভাৱে মৃত্যু ঘটাত অঞ্চলটোত গভীৰ শোকৰ ছা পৰে। ঘটনাৰ বিৱৰণী মতে সন্ধিয়া ককায়েকৰ সৈতে একেটা কোঠাতে হিমাংশুৱে কিতাপ পঢ়ি আছিল আৰু অলপ পিছত হিমাংশুৱে এটুকুৰা ঘাঁত মলম লগাবলৈ ওচৰৰ কোঠাটোত সোমাই কিছু সময়লৈ ওলাই নহাত ককায়েক হীৰকজ্যোতিয়ে কোঠাটোত প্ৰৱেশ কৰি হিমাংশু বিছনাত অচেতন হৈ পৰি থকা দেখি লগে লগে সৃষ্টি হয় এক হাহাকাৰ পৰিস্থিতিৰ। ঘটনাটো প্ৰচাৰ হোৱাৰ লগে লগে নিশা লোকে লোকাৰণ্য হৈ পৰে হিমাংশুৰ ঘৰ। এই ঘটনাৰ পিছত হিমাংশুক প্ৰথমতে কমাৰকুছি প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰলৈ নিয়া হয় যদিও ডাক্তৰৰ পৰামৰ্শমতে পিছত তেওঁক নলবাৰীলৈ লৈ যোৱা হয় আৰু তাত ডাক্তৰে হিমাংশুক মৃত বুলি ঘোষণা কৰে। পিছত নিশাই তেওঁৰ মৃতদেহ সৎকাৰ কৰা হয় যদিও পুত্ৰশোকত বেহুচ হৈ পৰে পৰিয়ালটো। উল্লেখ্য যে হাৰ্ট এটেকত হিমাংশুৰ মৃত্যু হোৱা বুলি সন্দেহ কৰা হৈছে যদিও এই মৃত্যুক ৰাইজে সহজভাৱে লব পৰা নাই। হিমাংশুৰ এই মৃত্যুত শংকৰদেৱ শিশু বিদ্যা নিকেতন, বৰভাগৰ লগতে বিভিন্ন দল-সংগঠন আৰু বিভিন্ন ব্যক্তিয়ে শোক প্ৰকাশ কৰিছে।

Related Articles

Leave a Reply

Close