অসমশীৰ্ষ

নলবাৰী মহাবিদ্যালয়ত ধীৰেশ্বৰাচাৰ্য্য স্মাৰক বক্তৃতা আৰু স্মৃতি বঁটা প্ৰদান অনুষ্ঠান সম্পন্ন

প্ৰথম খবৰ,নলবাৰী: ‘অসমৰ কালিদাস’ ৰূপে খ্যাত নলবাৰীৰ সু-সন্তান মহামহোপাধ্যায় ধীৰেশ্বৰাচাৰ্য্যৰ নামত স্মাৰক বক্তৃতা আৰু বঁটা প্ৰদান অনুষ্ঠানখন দেওবাৰে নলবাৰী মহাবিদ্যালয়ৰ প্ৰভাত চন্দ্ৰ গোস্বামী প্ৰেক্ষাগৃহত অনুষ্ঠিত হৈ যায়। ইয়াৰ কাৰ্যসূচী মতে দেওবাৰে বিয়লি ২-৩৫ বজাত বন্তি প্ৰজ্বলনেৰে অনুষ্ঠানৰ শুভাৰম্ভ কৰা হয়। পিছত ২-৪০ বজাত গুৰুকৃপা বেদ বিদ্যালয়ৰ ছাত্ৰ সকলে বেদ পাঠ কৰে আৰু ২-৫০ বজাত আচাৰ্য্যদেৱৰ পৰিচয় প্ৰদান কৰে গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধ্যাপক ৰাজেন্দ্ৰ নাথ শৰ্মাই। ৩ বজাত স্মাৰক বক্তৃতা প্ৰদান কৰে অৱসৰপ্ৰাপ্ত অধ্যাপক উপেন্দ্ৰ নাথ শৰ্মাই আৰু ৩ -৪০ বজাত অধ্যাপক নলিনী ৰঞ্জন গোস্বামীদেৱৰ পৰিচয় প্ৰদান কৰে অধ্যাপক ডঃ বসন্ত কুমাৰ দেৱ গোস্বামীয়ে। ৩-৫০ বজাত নলবাৰীৰ সু-সন্তান ধীৰেশ্বৰাচাৰ্য্য দেৱৰ স্মৃতি বঁটা প্ৰদান কৰা হয়। নলবাৰী সমষ্টিৰ বিধায়ক অশোক শৰ্মাই এইবাৰৰ পৰা আৰম্ভ কৰা প্ৰথম বঁটাটো প্ৰদান কৰে গুৱাহাটী বিশ্ববিদ্যালয়ৰ সংস্কৃত বিভাগৰ ভূতপূৰ্ব অধ্যাপক ডঃ নলীনি ৰঞ্জন শৰ্মাদেৱক। নলবাৰী মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ দীপক কুমাৰ গোস্বামীৰ সভাপতিত্বত অনুষ্ঠিত হোৱা উক্ত অনুষ্ঠানখনৰ আঁত ধৰে মহাবিদ্যালয়খনৰ সংস্কৃত বিভাগৰ মূৰব্বী অধ্যাপক ডঃ মণি শৰ্মা শাস্ত্ৰীয়ে।

Related Articles

Leave a Reply

Close