অসমশীৰ্ষ

পশ্চিম কামৰূপ বন বিভাগৰ সফল অভিযান, জব্দ বৃহৎ পৰিমানৰ শাল কাঠ

বকোৰ পৰা নিৰ্মল দাস, প্ৰথম খবৰ: সোমবাৰে বামুনীগাওঁৰ বনাঞ্চলিক বিষয়া কুশল দাসৰ নেতৃত্বত চলা এক অভিযানত  বন কৰ্মীৰ এটা সজাতি দলে বামুনীগাঁৱৰ জামবাৰীৰ পৰা জব্দ কৰে বৃহৎ পৰিমানৰ শাল কাঠ। ছয়গাওঁৰ খৰখৰী নদীয়েদি কাঠখিনি চোৰাং ভাৱে পাৰ কৰিবলৈ লওঁতেই বনবিভাগৰ এটা টহলদাৰী দলে উক্ত কাঠখিনি জব্দ কৰিবলৈ সক্ষম হয়। উল্লেখ্য যে খৰখৰী নদীৰ বুকুৰে কলগছৰ ভুৰত বান্ধি ৫০টাতকৈ অধিক শালৰ কুণ্ডা পাৰ কৰিবলৈ লৈছিল এটি চোৰাং কাঠ সৰবৰাহকাৰীয়ে আৰু ঠিক তেনেস্থলতে বামুনীগাঁৱৰ বন বিষয়াই গোপন সূত্ৰৰ পম খেদি সোমবাৰে জব্দ কৰিবলৈ সক্ষম হয় এই কাঠখিনি। জব্দকৃত এই কাঠখিনিৰ মূল্য দুই লাখতকৈও অধিক বুলি ধাৰণা কৰিছে বনবিভাগে৷ সম্প্ৰতি এই কাঠখিনি বামুনীগাঁৱ বন বিষয়াৰ কাৰ্যালয়ত ৰাখিছে বনবিভাগে।

 

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close