অসমশীৰ্ষ

পিতৃহাৰা পুত্ৰৰ শৈক্ষিক দায়িত্ব গ্ৰহণেৰে বীৰ মহাভৈৰৱ ক্লাৱৰ সদস্যৰ মহানুভৱতা প্ৰদৰ্শন

বিশ্বজিৎ দাসৰ ৰীপৰ্ট, প্ৰথম খবৰ: শেহতীয়াকৈ “বীৰ মহাভৈৰৱ ক্লাৱ”ৰ জৰিয়তে মানৱতাৰ চৰম নিদৰ্শন দাঙি ধৰিছে “বীৰ মহাভৈৰৱ ক্লাৱ”ৰ সক্ৰিয় দুই নেতাই৷ বীৰ মহাভৈৰৱ ক্লাৱৰ বিত্তীয় সম্পাদক তথা সদৌ অসম সাংবাদিক সন্থাৰ সাংগঠনিক সম্পাদক নিপজৌতি মেধি আৰু ক্লাৱৰ উপদেষ্টা ডা° শশীন বৈশ্যই অলপতে বাক্সা জিলাৰ অন্তৰ্গত নিচলামাৰি গাঁৱ নিবাসী এটি পিতৃহাৰা কনমানী প্ৰিতমজিৎ বৈশ্যৰ পঢ়াৰ এবছৰৰ সম্পূৰ্ণ দায়িত্ব গ্ৰহণ কৰে৷

উল্লেখ্য যে যোৱা ১২ জুলাইত প্ৰিতমজিৎৰ পিতৃয়ে পথাৰত কাম কৰি থকা সময়তে বিষাক্ত সৰ্পই দংশন কৰাত তেওঁৰ পিতৃয়ে মৃত্যুক আকোৱালী ল’বলগীয়া হয় আৰু ইয়াৰ পিছতে কাল অমানিশা নামি অহা এই দূৰ্ভগীয়া পৰিয়ালটোৰ ষষ্ঠ মান শ্ৰেনীত পঢ়ি থকা কনমানী শিশুটিৰ শৈক্ষিক জীৱন আৰু ভবিষ্যৎৰ কথা চিন্তা কৰিয়েই মানৱতাৰ পৰিচয় দি পৰিয়ালটোৰ কাষত থিয় দিয়ে বীৰ মহাভৈৰৱ ক্লাৱৰ এই দুই নেতাই৷

এই প্ৰসংশনীয় পদক্ষেপৰ বাবে এতিয়া উক্ত অঞ্চলবাসীয়ে নিপজৌতি মেধি আৰু ডা° শশীন বৈশ্যক ভূয়সী প্ৰশংসা কৰাৰ লগতে নলবাৰীৰ “বীৰ মহাভৈৰৱ ক্লাৱকো” জ্ঞাপন কৰিছে অশেষ ধন্যবাদ৷

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close