অসমশীৰ্ষ

প্ৰতীক হাজেলা আৰু শ্ৰীশৈলেশক উচ্চতম ন্যায়ালয়ৰ ককৰ্থনা

নিউজ ডেস্ক, প্ৰথম খবৰ: এন আৰ চিৰ ৰাজ্যিক সমন্বয়ক প্ৰতীক হাজেলা আৰু দেশৰ মহাপঞ্জীয়ক শ্ৰীশৈলেশক মঙ্গলবাৰে কঠোৰ ভাষাৰে ককৰ্থনা কৰে মহামান্য উচ্চতম ন্যায়ালয়ে৷ মডেলিটীৰ প্ৰশ্ন উত্থাপন কৰি এন আৰ চিৰ ৰাজ্যিক সমন্বয়কগৰাকীয়ে কাৰ অনুমতি লৈ মডেলিটীৰ তথ্য ৰাজহুৱা কৰিলে ইয়াক লৈ ৰাজ্যিক সমন্বয়কগৰাকীক মঙ্গলবাৰে প্ৰশ্ন উত্থাপন কৰে উচ্চতম ন্যায়ালয়ে৷ SOP সন্দৰ্ভত মতামত উচ্চতম ন্যায়ালয়ক অৱগত নকৰি সংবাদ মাধ্যমক অৱগত কৰোৱাকলৈও এন আৰ চিৰ ৰাজ্যিক সমন্বয়ক আৰু ভাৰতৰ মহাপঞ্জীয়কগৰকীৰ বিৰুদ্ধে তীব্ৰ বাক্যবান আগবঢ়ায় মহামান্য উচ্চতম ন্যায়ালয়ে৷ ইফালে আদালতক অৱমাননা কৰাৰ কথা উল্লেখ কৰি শুদ্ধ এন আৰ চিৰ বাবেহে এন আৰ চিৰ ৰাজ্যিক সমন্বয়ক আৰু দেশৰ মহাপঞ্জীয়ক গৰাকীক কাৰাগাৰলৈ প্ৰেৰণ কৰা নাই বুলি উল্লেখ কৰে মহামান্য উচ্চতম ন্যায়ালয়ে৷ আনহাতে এন আৰ চিৰ ৰাজ্যিক সমন্বয়ক আৰু মহাপঞ্জীয়ক গৰাকীক আগলৈ সচেতন হোৱাৰ নিৰ্দেশ প্ৰদান কৰি অন্য কামৰ সলনি এন আৰ চিৰ কামত দুয়োকে মনোনিৱেশ কৰিবলৈ মঙ্গলবাৰে পৰামৰ্শ আগবঢ়ায় উচ্চতম ন্যায়ালয়ে৷

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close