অসমশীৰ্ষ

ফকিৰাগ্রামত হিন্দু জাগৰণ মঞ্চৰ উদ্যোগত স্বাধীনতা দিৱস উদযাপণ

প্ৰথম খবৰ, ফকিৰাগ্ৰাম: দেশৰ অন্যান্য প্ৰান্তৰ লগতে কোকৰাঝাৰৰ ফকিৰাগ্রামৰ ৰে’লৱে চিলড্ৰেন খেলপথাৰতো আজি ৭২ সংখ্যক স্বাধীনতা দিৱস উদযাপণ কৰা হয়। ফকিৰাগ্রাম হিন্দু জাগৰণ মঞ্চৰ উদ্যোগত ৰূপায়িত হোৱা স্বাধীনতা দিৱসৰ পতাকা উত্তোলণ কৰে ফকিৰাগ্রাম হিন্দু জাগৰণ মঞ্চৰ সভাপতি মুকুতা নাথেই। উলহ-মালহেৰে উদযাপণ কৰা স্বাধীনতা দিৱসত পতাকা উত্তোলন কৰি ফকিৰাগ্রাম হিন্দু জাগৰণ মঞ্চৰ সভাপতি মুকুতা নাথেই শান্তি সম্প্ৰীতি বৰ্তাই ৰাখি আমি এজনে আনজনক সহায় কৰা আৰু সকলো সমস্যা আলোচনাৰ মাজেৰে সমাধান কৰাৰ আহ্বান জনায়। ইয়াৰ পিছত স্বাধীনতা দিৱস উপলক্ষে ফকিৰাগ্ৰাম ৰে’লৱে টিনি টোট্‌স স্কুলৰ ছাত্ৰ-ছাত্ৰীসকলে পেৰেড প্ৰদৰ্শণ কৰাৰ লগতে ফকিৰাগ্রামৰ অন্তৰ্গত বিভিন্ন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়ে নৃত্য-গীত প্ৰদৰ্শন কৰে।

Related Articles

Leave a Reply

Close