অসমশীৰ্ষ

বাইহাটা চাৰিআলিত আৰক্ষীৰ দ্বাৰা ২০০লিটাৰ চুলাই মদ জব্দ

চাংসাৰিৰ পৰা পঙ্কজ নাথ, প্ৰথম খবৰ: কামৰূপ জিলাৰ বাইহাটা চাৰিআলিত সোমবাৰে আৰক্ষীয়ে জব্দ কৰে অবৈধভাৱে মজুত ৰখা বহু পৰিমাণৰ চুলাই মদ৷ প্ৰাপ্ত খবৰ অনুসৰি বাইহাটা চাৰিআলি থানাৰ নৱনিযুক্ত ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া নৱজিৎ নাথৰ নেতৃত্বত চলোৱা এক অভিযানত সোমবাৰে সন্ধিয়া ৩১নং ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিত থকা কলাজল নদীৰ নিকটৱৰ্তী এখন ধাবাৰ পৰা প্ৰায় ২০০লিটাৰ চুলাই মদ জব্দ কৰে আৰক্ষীয়ে। পিছত জব্দকৃত চুলাইখিনি আৰক্ষীয়ে নষ্ট কৰি পেলোৱাৰ লগতে এই ঘটনা সন্দৰ্ভত চুলাইখিনিৰ গৰাকী ৰতন বণিয়া নামৰ এজন লোকক আৰক্ষীয়ে আটক কৰে। উল্লেখ্য যে বাইহাটা চাৰিআলি অঞ্চলত চুলাই মদৰ প্ৰকোপ বৃদ্ধি পোৱাৰ ফলত যোৱা এবছৰত ইয়াত দহ জনৰো অধিক যুৱকে মৃত্যুক সাৱটি লবলগীয়াত পৰিছে। লক্ষ্যণীয় যে এনেক্ষেত্ৰত জিলাখনৰ আবকাৰী বিভাগৰ বিষয়া সকলে অবৈধভাৱে বিক্ৰী হৈ থকা মদৰ বিৰুদ্ধে ৰহস্যজনক ভাৱে নিৰৱ ভূমিকা পালন কৰি অহা বাবে এই ক্ষেত্ৰত আবকাৰী বিভাগৰ উচ্চ পদস্থ বিষয়া আৰু মন্ত্ৰী পৰিমল শুক্লবৈদ্যৰ হস্তক্ষেপ বিচাৰিছে এই অঞ্চলৰ ৰাইজে৷ ইফালে বাইহাটা চাৰিআলি থানাৰ নৱনিযুক্ত ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াৰ এই পদক্ষেপক আঁদৰণি জনাই জীৱন ধ্বংস কাৰী চুলাই মদৰ বিৰুদ্ধে চলোৱা আৰক্ষীৰ এই অভিযান ভৱিষ্যতেও অটুট ৰাখিবলৈ আহ্বান জনায় ইয়াৰ সচেতন ৰাইজে৷

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close