অসমশীৰ্ষ

বিটিচিত চেন্ট্ৰে’ল চিলেক্চন বোৰ্ডৰ সদস্যৰ পৰা বঞ্চিত ৰাভা জনগোষ্ঠীৰ লোক

দুধনৈৰ পৰা ভবেশ চন্দ্ৰ ভাগৱতী, প্ৰথম খবৰ: বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰী নেতৃতাধীন চৰকাৰখনে বি টি চিত বসবাস কৰা বিভিন্ন জাতি-জনগোষ্ঠীক সামৰি চেন্ট্ৰে’ল চিলেক্চন বোৰ্ড গঠন কৰিছে যদিও এই বোৰ্ডত এজনো ৰাভা জনগোষ্ঠীৰ লোকক অন্তৰ্ভুক্ত নকৰাত নিখিল ৰাভা ছাত্ৰ সন্থাই তীব্ৰ ক্ষোভ প্ৰকাশ কৰাৰ লগতে এই কাৰ্যক দূৰ্ভাগ্যজনক আখ্যা দিছে। বৃহস্পতিবাৰে সন্থাৰ দুধনৈস্থিত মুখ্য কাৰ্যালয়ত নিখিল ৰাভা ছাত্ৰ সন্থাৰ সভাপতি ৰমেন সিং ৰাভা আৰু সম্পাদক নৃপেন খাণ্ডা স্বাক্ষৰিত এক প্ৰেছ বাৰ্তাত বিটিচি চৰকাৰখনে ৰাভা জনগোষ্ঠীক উপেক্ষা কৰাৰ লগতে অবহেলাৰ দৃষ্টিৰে চাই বিটিচিৰ উন্নয়ন প্ৰক্ৰিয়াত ৰাভা জনগোষ্ঠীৰ লোকক জড়িত কৰিব বিচৰা নাই বুলি উল্লেখ কৰা হয়। এই সভাত বি টি চিৰ দ্বিতীয় সংখ্যাগৰিষ্ঠ ৰাভা জনগোষ্ঠীৰ লোকসকলক বাদ দি কেনেকৈ আদৰ্শ বি টি চি গঢ়ি তুলিব সেয়া এক ডাঙৰ প্ৰশ্ন বুলি উত্থাপন কৰে ছাত্ৰ নেতা দুগৰাকীয়ে। নেতা দুগৰাকীয়ে বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীক ৰাভাসকলৰ আবেগ অনুভূতিক অবজ্ঞা নকৰি আঁকোৱালী লবলৈ আহ্বান জনায়। অন্যথা আগন্তুক নিৰ্বাচনৰ সময়ত ৰাজনৈতিক সুবিধা সমূহ আদায় কৰি লবলৈ উমৈহতীয়া মঞ্চ গঠন কৰি উপযুক্ত ব্যৱস্থা গ্ৰহণেৰে উচিত প্ৰত্যুত্তৰ দিবলৈ বাধ্য হব বুলি সকিয়নি দিয়ে নেতা দুগৰাকীয়ে। বিটিচি পৰিষদীয় নিৰ্বাচনত নিৰ্ণায়ক ভুমিকা গ্ৰহণ কৰিব পৰা পাঁচটা পৰিষদীয় সমষ্টি থকাৰ কথা উল্লেখ কৰি নেতাদ্বয়ে বিটিচি পৰিষদত অবড়ো মঞ্চৰ পৰা জয়লাভ কৰা এগৰাকী ৰাভা জনগোষ্ঠীৰ প্ৰতিনিধিও থকাৰ কথা উল্লেখ কৰে।

Related Articles

Leave a Reply

Close