অসমশীৰ্ষ

বিশ্বনাথ জিলা লেখিকা সমাৰোহ সমিতিৰ বৰ্ধিত কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত

প্ৰথম খবৰ, বিহালী: দেওবাৰে বিহালী শাখাৰ আতিথ্যত বৰগাং নিম্ন বুনিয়াদী বিদ্যালয়ত বিশ্বনাথ জিলা লেখিকা সমাৰোহ সমিতিৰ এখনি বৰ্ধিত কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত হয়৷ প্ৰশাসনীক ভাৱে বিশ্বনাথ জিলা গঠন হোৱাৰ পিছতে অন্যান্য সুবিধাৰ প্ৰতি লক্ষ্য ৰাখি লেখিকা সমাৰোহ সমিতিৰ বিশ্বনাথ জিলা সমিতিখন গঠন হোৱাৰ পিছত সমিতিখনৰ আগন্তুক কৰ্মৰাজী নিৰ্ধাৰণৰ বাবে এই সভা অনুষ্ঠিত হয়৷ জিলা সমিতিৰ সভানেত্রী ধনদা কলিতাৰ সভাপতিত্বত অনুষ্ঠিত এই সভাখন ৰাজ্যিক সমিতিৰ যুটীয়া সম্পাদিকা নিকুঞ্জ মহন্তৰ বন্তি প্ৰজ্বলনৰে শুভাৰম্ভ কৰা হয়৷ জিলা সম্পাদিকা ৰেনু বৰুৱা শইকীয়াই আঁত ধৰা সভাখনত জিলা খনৰ বিশ্বনাথ, বিহালী আৰু গহপুৰ বিধানসভা সমষ্টিৰ কবি, গল্পকাৰ, নিবন্ধকাৰ, উপন্যাসিক ক্ৰমে কনকলতা নেওগ, অৰুনা বৰা, জয়া হাজৰিকা, মমি বৰা, ৰূপালী ফুকন বৰা, প্ৰনতি বৰুৱা, ৰুনু বৰুৱা, পল্লৱী চুতীয়া বৰুৱা, ৰিতুমনি বৰুৱা শইকীয়া, মফিদা খাতুন, ৰূপালী দাস, কুঞ্জ হাজৰিকা, অৰ্পনা শইকীয়া দাস, গায়ত্রী গোস্বামী, হেমপ্ৰভা শইকীয়া হাজৰিকা, কৰবী দত্ত কটকী, অঞ্জলী বৰা বৰদলৈ, বীনা ৰাজখোৱা, পুতুমনি বৰুৱা, তাৰাৱতী গিৰি, বিউটি ফুকন গগৈ, ৰূপালী বৰুৱা, কল্পনা ভুঞা বৰুৱা, কৰুনা ভূঞা আদিয়ে অংশগ্ৰহণ কৰে৷ দেওবাৰৰ এই সভাত তাৰাৱতী গিৰিৰ স্বৰচিত কবিতা পাঠ আৰু কুঞ্জ হাজৰিকাৰ একক অভিনয়ে সভাৰ সৌষ্ঠৱ বৃদ্ধি কৰে৷ মহিলা সকলক সৃষ্টিৰ প্ৰেৰণা যোগাই লিখা-মেলাত সহায় কৰিবৰ বাবে সভাত কেতবোৰ প্ৰস্তাৱ গ্ৰহণ কৰাৰ লগতে বৰ্ষিয়ান লেখিকাক সম্বৰ্ধনা, পুঁজি সংগ্ৰহ, নতুন সদস্য অন্তৰ্ভুক্তি আৰু শাখা সমিতি সক্ৰিয় কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়৷ এই সভাত ৰুপালী দাস আৰু অৰ্পনা শইকীয়া দাসক তেখেত সকলৰ সৃষ্টিৰাজীৰ বাবে সন্মান জনাই বিশেষভাৱে সম্বৰ্ধনা জনোৱা হয়৷

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close