অসমশীৰ্ষ

বড়োলেণ্ড বিশ্ববিদ্যালয়ত অল্পকালীন শিক্ষক পৰিবৰ্ধন কাৰ্যসূচী

নিউজ ডেস্ক, প্ৰথম খবৰ: কোকৰাঝাৰৰ দেৱৰগাঁওস্থিত বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ বাণিজ্য বিভাগৰ উদ্যোগত আৰু আই,আই,টি, গুৱাহাটীৰ সহযোগত দহদিনীয়া কার্যসূচীৰে অল্পকালীন শিক্ষক পৰিবৰ্ধন পাঠ্যক্ৰম (Short term faculty Development Program)ৰ আৰম্ভণি অনুষ্ঠান যোৱা বিশ আগষ্ট তাৰিখে বিশ্ববিদ্যালয়ৰ কেন্দ্ৰীয় প্ৰেক্ষাগৃহত সম্পন্ন হৈ যায়।বিশ্ববিদ্যালয় অনুদান আয়োগৰ সদস্য ডঃ কিৰণ হাজৰিকাই বিশিষ্ট অতিথি হিচাপে উদ্ধোধন কৰা অনুষ্ঠানটোত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ শিক্ষক-শিক্ষয়িত্ৰী, গৱেষক-গবেষিকা আদিয়ে অংশ গ্ৰহণ কৰে। এনেধৰণৰ কৰ্মশালাই শিক্ষক শিক্ষয়িত্ৰীসকলক পাঠদানৰ ক্ষেত্ৰত দ্ৰুত প্ৰযুক্তি আহৰণৰ দিশে আগ্ৰহী কৰি তুলিব বুলি ডঃ হাজৰিকাই মত প্ৰকাশ কৰে।অনুষ্ঠানটোত উপস্থিত থাকি আই,আই,টি ,গুৱাহাটীৰ প্ৰতিনিধি গৌতম ত্ৰিবেদীয়ে বড়োলেণ্ড বিশ্ববিদ্যালয়ত এই ধৰণৰ অনুষ্ঠানৰ আৰম্ভনিয়ে নিশ্চিতভাৱে শিক্ষক-শিক্ষাৰ্থীসকলৰ বৌদ্ধিক পাৰদৰ্শিতাক দুগুণে বৃদ্ধি কৰিব বুলি মন্তব্য আগবঢ়োৱাৰ লগতে এই পদক্ষেপৰ বাবে বিশ্ববিদ্যালয় কৰ্তৃপক্ষক ভূয়সী প্ৰশংসা কৰে। পঞ্জীয়ক ডঃ শেখৰ ব্ৰহ্মই বিশ্ববিদ্যালয়খনৰ দীৰ্ঘদিনীয়া ইতিহাস আৰু সময়ে সময়ে মুখামুখি হৈ অহা উত্থান-পতনৰ বিভিন্ন দিশ সম্পৰ্কে আলোকপাত কৰি বিশ্ববিদ্যালয়খনৰ সৰ্বাংগীন উন্নতিৰ বাবে সকলোকে আগ্ৰহী হবলৈ অনুৰোধ জনায়। এই অনুষ্ঠানত উপস্থিত থাকি বি,টি,চি ৰ উপ প্ৰধান খাম্ফা বৰগোয়াৰীয়ে বিশ্ববিদ্যালয়খনে শেহতীয়াভাৱে সন্মুখীন হৈ অহা বিবিধ সমস্যা সম্পৰ্কত আলোকপাত কৰি সকলো পক্ষৰ সহযোগত পশ্চিম অসমত অৱস্থিত একমাত্ৰ বিশ্ববিদ্যালয়খনক এখন আদৰ্শ শিক্ষানুষ্ঠান হিচাপে গঢ় দিবলৈ সকলোকে আহ্বান জনায়। উক্ত উদ্ধোধনী অনুষ্ঠান শেষ হোৱাৰ লগে লগেই মূল পাঠ্যক্ৰমৰ শ্ৰেণীসমূহ আৰম্ভ হয়। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ বহু বিশিষ্ট ব্যক্তিয়ে সমল ব্যক্তি হিচাপে অংশগ্ৰহণ কৰিবলগীয়া এই পাঠ্যক্ৰম  অনুষ্ঠান অহা ২৯ আগষ্ট পৰ্যন্ত পুৱা ন বজাৰ পৰা সন্ধিয়া চাৰি বজালৈ চলিব বুলি সমন্বয়ক ডঃ ৰাজেশ দেৱবৰ্মনে জানিবলৈ দিয়ে।

Related Articles

Leave a Reply

Close