অসমশীৰ্ষ

বৰপেটা খাদেমুল ইছলাম সমাজৰ ঈদ-উজ-জোহাৰ শুভেচ্ছা জ্ঞাপন 

বৰপেটাৰপৰা ছফিক আহমেদ, প্ৰথম খবৰ: পৱিত্ৰ ঈদ-উজ-জোহা উপলক্ষে বৰপেটা খাদেমুল ইছলাম সমাজৰ সম্পাদক মীৰ কাছিম আহমেদে সমূহ অসমবাসী ৰাইজলৈ জনাইছে ঈদৰ শুভেচ্ছা। এই উৎসৱে জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে সকলো শ্ৰেণীৰ লোকৰ মাজত শান্তি-সম্প্ৰীতি তথা ভ্ৰাতৃত্ববোধ সুদৃঢ় কৰিব বুলি মত ব্যক্ত কৰে সম্পাদকগৰাকীয়ে। ঈদৰ কোৰবানীৰ সময়ত যাতে কোনো লোকে কোৰবানীৰ জন্তুৰ ছবি বা ভিডিঅ’ চচিয়েল মিডিয়াত প্ৰচাৰ নকৰে তাৰ কাৰণেও তেওঁ আহ্বান জনায়। অহাকালি বৰপেটা ঈদৰ নামাজত ইমামতি কৰিব বৰপেটা টাউন জামে মছজিদৰ ইমাম মৌলানা ক্বাৰী শ্বাহজামাল কাছিমী চাহাবে। এই নামাজৰ সময় ৰাতিপুৱা ৮ বাজি ৩০ মিনিটত বুলি সংবাদমাধ্যমক জানিবলৈ দিছে ঈদগাহ সম্পাদক আতিকুল হকে।

Related Articles

Leave a Reply

Close