Uncategorizedঅসমশীৰ্ষ

ভাৰত-ভূটান সীমান্তত ৩৫ কিলোগ্ৰাম গাঞ্জাসহ দুই যুৱক আটক

ডিমাকুছিৰ পৰা সঞ্জিত সৰকাৰ, প্ৰথম খবৰ: ভাৰত-ভূটান সীমান্তৰ ভাৰতীয় এছ এছ বিৰ চামৰাং কেম্পৰ জোৱান মেজৰ কে. আৰ. বণিয়াৰ নেতৃত্বত চলা এক অভিযানত এছ এছ বিৰ এটা দলে যোৱা নিশা প্ৰায় ৮ মান বজাত ভাৰতৰ চুবুৰীয়া ৰাষ্ট্ৰ ভূটানৰ পৰা অহা এখন গাড়ী জব্দ কৰিবলৈ সক্ষম হয়৷ ভূটানৰ পৰা ভাৰতবৰ্ষ অভিমুখে আহি থকা ভূটানৰ পঞ্জীয়নভুক্ত বি পি-৪-এ-১২৭৮ নম্বৰৰ এই গাড়ী খনৰ পৰা প্ৰায় ৩৫ কিলোগ্ৰাম গাঞ্জা জব্দ কৰাৰ লগতে ২ নং চামৰাংৰ অটুল নেৱাৰ(৫৫) আৰু কৃষ্ণ নেৱাৰ(৩৫) নামৰ দুজন যুৱককো আটক কৰে ভাৰতীয় এছ এছ বিৰ অভিযানকাৰী দলটিয়ে৷ পিছত চামৰাংৰ ভি.ডি.পিৰ সভাপতিৰ সহযোগত এছ এছ বিৰ দলটিয়ে ধৃত যুৱক দুজনৰ সৈতে ভূটানৰ গাড়ীসহ জব্দকৃত গাঞ্জাখিনি ওদালগুৰি জিলাৰ ডিমাকুছি আৰক্ষী থানাত চমজাই দিয়ে৷

Related Articles

Leave a Reply

Close