অসমশীৰ্ষ

মহানগৰীৰ উজান বজাৰত হোৱা পথ দূৰ্ঘটনাত গুৰুতৰভাৱে আহত সাংবাদিক

নিউজ ডেস্ক, প্ৰথম খবৰ: শনিবাৰে গুৱাহাটী মহানগৰীৰ উজান বজাৰত হোৱা এক দুৰ্ঘটনাত গুৰুতৰভাৱে আহত হয় এগৰাকী সাংবাদিক৷ অসমীয়া বৈদ্যুতীন সংবাদ মাধ্যম “আছাম টক্‌ছ”ত কৰ্মৰত সাংবাদিক দ্বীপজ্যোতি গোস্বামীয়ে খোজকাঢ়ি গৈ থকা অৱস্থাত পিছফালৰ পৰা এখন AS-01-AN-3274 নম্বৰৰ চাৰিচকীয়া মাৰুতি চুজুকী SX4 বাহনে খুন্দিওৱাত ভৰিত গুৰুতৰভাবে আঘাতপ্ৰাপ্ত হয় সাংবাদিকগৰাকী৷ ইয়াৰ পিছত আহত সাংবাদিক গৰাকীক প্ৰথমে গুৱাহাটীৰ উইনট্ৰৱ আৰু নেমকেৱাৰ হাস্পাতালত ভৰ্তি কৰোৱা হয় যদিও পিছলৈ ভৰিৰ অস্ত্ৰোপ্ৰচাৰৰ বাবে গুৱাহাটীৰ জি এম চি এইচলৈ প্ৰেৰণ কৰা হয়৷ ইয়াত মঙ্গলবাৰে ভৰিৰ অস্ত্ৰোপ্ৰচাৰ সম্পন্ন হ’ব সাংবাদিক গৰাকীৰ৷ তেখেতৰ দুৰ্ঘটনাত তেখেতৰ সতীৰ্থ সকলে দুখ প্ৰকাশ কৰাৰ লগতে এই ঘটনাক দুৰ্ভাগ্যজনক আখ্যা দিছে সংগীবৃন্দই৷

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close