অসমশীৰ্ষ

মহাৰজত জয়ন্তীত উখল-মাখল নগাঁও মহাাবিদ্যালয়, ৰাজ্যপাল অাৰু মুখ্যমন্ত্ৰীৰ অংশগ্ৰহণ

প্ৰথম খবৰ, জাজৰি: এক ঐতিহাসিক ক্ষণৰ সাখী হৈ ৰ’ল নগঁঞাৰ হিয়াৰ অামঠু নগাঁও মহাবিদ্যালয়। মঙ্গলবাৰৰ পৰা মধ্য অসমৰ ঐতিহ্যমণ্ডিত তথা অগ্ৰণী উচ্চ শিক্ষানুষ্ঠান নগাঁও মহাবিদ্যালয়ৰ মহাৰজত জয়ন্তীৰ শুভাৰম্ভ অনুষ্ঠান ছদিনীয়া বিস্তৃত কাৰ্যসূচীৰে আৰম্ভ হয়। মঙ্গলবাৰে নগাঁও মহাবিদ্যালয়ৰ মহাৰজত জয়ন্তী উৎসৱৰ শুভ উদ্বোধন কৰে অসমৰ ৰাজ্যপাল জগদীশ মুখীয়ে। উদ্বোধনী ভাষণত ৰাজ্যপালগৰাকীয়ে নগাঁও মহাবিদ্যালয়ৰ ইতিহাস ব্যাখ্যা কৰি নগাঁও মহাবিদ্যালয় উত্তৰ পূৰ্বাঞ্চলৰ বাবে এখন গুৰুত্বপূৰ্ণ শিক্ষানুষ্ঠান বুলি উল্লেখ কৰে। আনহাতে নগাঁৱক অসমৰ সাংস্কৃতিক ৰাজধানী বুলিও অভিহিত কৰে ৰাজ্যপালগৰাকীয়ে। এই অনুষ্ঠানত শিক্ষামন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্য, জলসম্পদ মন্ত্ৰী কেশৱ মহন্ত, বিধায়ক ৰূপক শৰ্মা, অধ্যক্ষ ড° শৰৎ বৰকটকী, নগাঁও জিলাৰ উপায়ুক্ত বিশ্বজিৎ পেগু, জিলাৰ অাৰক্ষী অধীক্ষক শংব্ৰত ৰায় চৌধুৰি আদি বিশিষ্ঠ ব্যক্তিসকল উপস্থিত থাকে। ইফালে বিয়লিৰ ভাগত এই অনুষ্ঠানৰ মুকলি সভা অাৰু কৃৰ্তী ছাত্ৰ-ছাত্ৰীসকলৰ সম্বদ্ধৰ্না অনুষ্ঠানত উপস্থিত থাকে অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল। এই অনুষ্ঠানত উপস্থিত থাকি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে মূল্যবোধৰ শিক্ষা নাজানিলে এজন প্ৰকৃত মানুহ হব নোৱাৰে বুলি উল্লেখ কৰি নগাঁও কলেজত পঢ়া ছাত্ৰ-ছাত্ৰী সকলে নিজকে নগাঁও মহাবিদ্যালয়ত পঢ়ো বুলি গৌৰৱ অনুভৱ কৰিব লাগে বুলি কোৱাৰ লগতে নগাঁও মহাবিদ্যালয়ে এটা যুগ শেষ কৰি অধিক শক্তিৰে আন এক নতুন যুগৰ শুচনা কৰাৰ কথা উল্লেখ কৰে।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close