অসমশীৰ্ষ

মৰাণত পিষ্টল-সজীৱ গুলীসহ আটক যুৱক

প্ৰথম খবৰ, মৰাণ: বৃহস্পতিবাৰে এটা .২২পিষ্টল, ৬ জাই সজীৱ গুলি, এটা মেগজিন আৰু এটা ম’বাইল হেণ্ডছেট সহ মৰাণত সেনা বাহিনীয়ে আটক কৰিবলৈ সক্ষম হয় বলীন বৰুৱা (৪৩) নামৰ এজন যুৱকক। বৰবাম তিনি আলিৰ পৰা আটক কৰিবলৈ সক্ষম হোৱা এই যুৱকজনে বিভিন্ন সময়ত কূটাঘাতমূলক কাৰ্য সংঘটিত কৰি অহাৰ লগতে আগন্তুক স্বাধীনতা দিৱসত কূটাঘাতমূলক কাৰ্য সংঘটিত কৰিবলৈ পৰিকল্পনা কৰা বুলি যুৱকজনৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰে সেনা বাহিনীয়ে। উল্লেখ্য যে পূৰ্বেও চেপনত বোমা বিস্ফোৰণৰ সৈতে জড়িত থকাৰ অভিযোগ উত্থাপন হয় এই যুৱকজনৰ বিৰুদ্ধে।  সেনাবাহিনীৰ হাতত আটক হোৱা ধৃত অপৰাধী বলীন বৰুৱাক সেনাবাহিনীয়ে পিছত চেপন আৰক্ষী চকীত চমজাই দিয়ে।

 

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close